বোকাখাত,উত্তম কুমাৰ শৰ্মাঃ বোকাখাত নগৰৰ মাজমজিয়াত কিছুদিন পূৰ্বে গঢ় লৈ উঠা বৃহৎ পুজিঁপতি গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত ‘M Bazaar’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত বিভিন্ন সময়ত ভিন্ন মহলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এইবাৰ শ্ৰমিক নীতি উলংঘনৰ অভিযোগ উত্থাপিত হৈছে।
পুঁজিপতি গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত এই প্ৰতিষ্ঠানটোৱে বোকাখাত নগৰৰ বৃহৎ সংখ্যক থলুৱা ব্যৱসায়ীক এক প্ৰকাৰ বিপদত পেলোৱাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনত থলুৱা ব্যৱসায়ীসকলৰ বিপৰীতে প্ৰতিদ্বন্দীৰ ৰূপত থিয় দিয়াৰ সম্ভাৱনাক প্ৰকট কৰাৰ উপৰিও বোকাখাত নগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ সোমবৰীয়া বন্ধক অৱমাননা কৰি পৰম্পৰাগত শ্ৰমিক নীতি উলংঘা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে বোকাখাতস্থিত ‘M baazar’ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।
লগতে পঢ়কঃইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ ৩৫ সংখ্যক দীক্ষান্ত সমাৰোহ
ইফালে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এনে মইমতালিৰ বিপৰীতে স্থানীয় প্ৰশাসনে মৌনতা অৱলম্বনেৰে থলুৱা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ব্যৱসায়ীসকলৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘই।
বোকাখাত মহকুমা প্ৰশাসনৰ এনে বৈষম্যমূলক আচৰণ তথা ‘M Baazar’ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ মইমতালিৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই প্ৰতিষ্ঠানটোক নাকী লগাবলৈ মঙ্গলবাৰে জীপাল কৃষক শ্ৰমিক সংঘই কেইবাদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ সহকাৰী আয়ুক্ত ও কাৰ্যবাহী দণ্ডাধীশ পাপু গগৈৰ যোগেদি বোকাখাতৰ মহকুমাধিপতিক প্ৰদান কৰে।
উল্লেখ্য যে, বোকাখাত নগৰৰ বিভিন্ন স্থানত ইতিমধ্যে কেইবাটাও বৃহৎ পুঁজিপতি ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ লগতে ইতিমধ্যে ‘শ্বপিং মল’ স্থাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰাৰ বিপৰীতে বোকাখাত নগৰৰ ক্ষুদ্ৰ আৰু মধ্য ব্যৱসায়িক প্ৰতিষ্ঠান তথা ব্যৱসায়ী সকলে তীব্ৰ শংকাত ভোগা দেখা হৈছে।