বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃআত্মৰক্ষাৰ লগতে সুস্বাস্থ্যৰ লক্ষ্যৰে বোকাখাতত এজাক চেমনীয়া ব্যস্ত সমৰকলাৰ কঠোৰ সাধনাত।

৯০দশকৰ বোকাখাতৰ এগৰাকী সুদক্ষ সমৰকলাবিদৰ তত্বাৱধানত প্ৰশিক্ষণৰত এইসকল চেমনীয়া।মণিপুৰৰ জেষ্ঠ কেৰাটে প্ৰশিক্ষক তথা দশম ব্লেকবেল্ট ধাৰী ৰাকেশ মিটাইৰ তত্বাৱধানত ১৯৮৬ চনতে বোকাখাতত কেৰাটেৰ প্ৰশিক্ষণ আৰম্ভ কৰি ১৯৯১চনত মণিপুৰত ব্লেকবেল্ট লাভ কৰিবলৈ সক্ষম হোৱা এই গৰাকী সুদক্ষ প্ৰশিক্ষকৰ নাম ৰাণা বৰুৱা।

বিভিন্ন সময়ত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বলিষ্ঠভাৱে সমৰকলা প্ৰদৰ্শন কৰি বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা বোকাখাতৰ এইগৰাকী সমৰকলাবিদ সম্প্ৰতি ব্যস্ত যথেষ্ঠ সংখ্যক ছাত্র-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদানত।

ইতিমধ্যে JAPAN KARATE SHOTOKAI,INDIAৰ লগতে OKINAWA MARTIAL ART ACADEMY ৰ অন্তৰ্গত “School of Sports karate health & Fitness নামেৰে এখন বিদ্যালয়ৰ জৰিয়তে প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে প্ৰশিক্ষক গৰাকীয়ে।

উল্লেখযোগ্য যে, কেইবাগৰাকীও সতীৰ্থৰ সহযোগত প্ৰায় ৯০দশকৰ পৰাই বোকাখাতত চৰ্চাৰ লগতে প্ৰশিক্ষণ প্ৰদানেৰে সমৰকলাৰ এক ব্যাপক ধাৰা অব্যাহত ৰাখিছিল প্ৰশিক্ষক গৰাকীয়ে। ইয়াৰ উপৰিও যি সময়ত সমৰকলাক এক কেৰিয়াৰ হিচাপে গঢ় দিব পাৰি তেনে কোনো ধাৰণা নথকা সময়তো কিন্তু গ্ৰামাঞ্চল সমুহত সমৰকলাৰ প্ৰসাৰতাৰ লগতে নৱপ্ৰজন্মক এইকলাৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ নেতৃত্ব বহন কৰিছিল এইগৰাকী সুদক্ষ খেলুৱৈ তথা প্ৰশিক্ষকে।

সম্প্ৰতি খেলপথাৰৰ পৰিৱৰ্তে অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক নিজা বাসগৃহতে প্ৰশিক্ষণ প্ৰদান কৰি আছে প্ৰশিক্ষক গৰাকীয়ে। এইক্ষেত্ৰত বিশিষ্ট খেলুৱৈ তথা প্ৰশিক্ষক গৰাকীয়ে মন্তব্য কৰি কয়, “দুৰ্ভাগ্যজনক কথা যে এটা সময়ত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা যথেষ্ঠ সংখ্যক প্ৰতিভাৱান সমৰকলাৰ খেলুৱৈ থকা অঞ্চলটোত স্থানীয় ক্ৰীড়া সন্থাৰ লগতে চৰকাৰী সদিচ্ছা তথা উদগনিৰ অভাৱতে পূৰ্বৰ পৰিবেশৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিততে বৰ্তমানে বোকাখাতৰ কেইজনমান প্ৰশিক্ষকৰ নেতৃত্বতে খেলপথাৰৰ পৰিৱৰ্তে প্ৰশিক্ষকৰ ঘৰতেই আৰম্ভ হৈছে চৰ্চাৰ লগতে প্ৰশিক্ষণো”।

লগতে পঢ়কঃখুমটাইত বিশ্ব সাধুকথা দিৱসত ব্যতিক্ৰমী পদক্ষেপ

ইফালে “স্পৰ্টছ কেৰাটে”ক বিশ্ব অলিম্পিকৰ অন্তৰ্ভুক্ত কৰাক লৈ যথেষ্ঠ উৎফুল্লিত তথা উৎসাহিত হোৱা প্ৰশিক্ষক গৰাকীয়ে আগন্তুক দিনত চৰকাৰী ভাৱে সদিচ্ছা লাভ কৰিলে ৰাজ্যৰ যথেষ্ঠ সংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে অলিম্পিক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে প্ৰশিক্ষক গৰাকীৰ বাসগৃহতেই শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুস্থিত কৰা হয় বেল্টৰ পাৰদৰ্শিতামুলক পৰীক্ষা ।অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰী সকলৰ লগতে নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ বিশিষ্ট ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক ক্ৰমে ডাঃ পুলীন বৰকটকী,অধ্যাপক সুবোধ বৰা,বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ লগতে অভিভাৱক আৰু সংবাদকৰ্মী তথা স্থানীয় লোকসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply