বোকাখাত : সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চল হিচাপে পৰিগণিত বোকাখাতত বছৰৰ শেষ দিনটোৰ লগতে নৱবৰ্ষৰ পহিলা দিনটোত সংঘটিত নহ’ল এটাও দুৰ্ঘটনা ।পূৰ্বতে ধাৰাবাহিক ভাৱে অসমৰ প্ৰায়বোৰ ঠাইৰ পৰা পথ দুৰ্ঘটনাৰ খবৰ আহি থকাৰ লগতে বোকাখাততো উক্ত দিন দুটাত দুৰ্ঘটনা সংঘটিত হয় যদিও আশ্বৰ্য্যকৰ ধৰণে এইবাৰ ৩১ ডিচেম্বৰ আৰু বছৰৰ প্ৰথম দিনটোত বোকাখাত আৰক্ষী থানাৰ পৰা পোৱা নগ’ল কোনো পথ দুৰ্ঘটনাৰ খবৰ ।ভাল খৱৰ যে বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত কোনো এটা অঞ্চলতে এইবাৰ পথ দুৰ্ঘটনা একেবাৰে শূন্য।
এই ক্ষেত্ৰত চৰকাৰী কঠোৰ নিৰ্দেশৰ লগতে পৰিবহন বিভাগৰ সজাগতা তথা বোকাখাত যান-বাহন আৰক্ষীৰ অবিৰত তালাচী আৰু জনসাধাৰণৰ সহাৰিক অৱশ্যেই মান্যতা প্ৰদান কৰিব লাগিব।
উল্লেখ কৰিব লাগিব যে বোকাখাতৰ গাতে লাগি থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ এই দুটা দিনত অজস্ৰ বনভোজ দল বোকাখাত নগৰৰ মাজেদি পাৰাপাৰ হোৱাৰ লগতে বিভিন্ন সময়ত সংঘটিত হৈ আহিছে সৰু সুৰা দুৰ্ঘটনাৰ লগতে বহু ভয়াৱহ পথ দুৰ্ঘটনা।য’ত প্ৰাণ হানি হৈছে অসংখ্য জনৰ। কিন্তু আশা কৰা মতেই এইবাৰ সংঘটিত নহ’ল এটাও দুৰ্ঘটনা।
ইফালে যোৱাটো বছৰত বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা ৩৫ টা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ ২৫ জন লোকৰ।দুৰ্ভাগ্যজনক ভাৱে নিহত হোৱা সকলৰ প্ৰায় সংখ্যকেই দুচকীয়া বাহন তথা সৰু বাহনৰ আৰোহী।লগতে আংশিক আঘাত পোৱা বা সামান্য দুৰ্ঘটনাৰ বাহিৰে বিগত বৰ্ষটোত মুঠ আহত হোৱা লোকৰ সংখ্যা আছিল ১১ জন ।
উল্লেখযোগ্য যে, বোকাখাত আৰক্ষী থানা অন্তৰ্গত বিভিন্ন ঠাইত সঘনাই সংঘটিত দুৰ্ঘটনাৰ কাৰণ হিচাপে চিহ্নিত হৈছে-যান- বাহনৰ তীব্ৰ বেগ, সুৰাপান কৰি বাহন চলোৱা ,হেলমেট পৰিধান নকৰা আদিৰ লগতে পথৰ দাঁতিত আইন বৰ্হিভূত ভাৱে বিজুতি ঘটা যান বাহন ৰখোৱা,তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰবস্থা ,ঘন কুৱঁলী আদিয়েই প্ৰধান।
লগতে পঢ়ক-দেৰগাঁৱত নৃসংশ হত্যাকান্ড,দুজ নক আটক
আনহাতে বোকাখাতত যানবাহন আইন উলংঘাকাৰী ব্যক্তিৰ পৰা যোৱাটো বৰ্ষত জৰিমণা হিচাপে আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ১২,২৭,৮৫০ টকা লগতে বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজো কৰা হৈছিল ৮০০টা ।
গুৰুত্বপূৰ্ণ কথা যে যান- বাহনৰ দ্ৰুত বেগ আৰু ৰাষ্টা-ঘাটৰ জৰাজীৰ্ণ অৱস্থা তথা ৰাষ্টা ঘাট মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ চৰম অমনোযোগিতাৰ বাবেই বিভিন্ন সময়ত অঞ্চলটোত সংঘটিত হৈ আহিছে বহু ভয়ংকৰ পথ দুৰ্ঘটনা।
লগতে পঢ়ক- নৱবৰ্ষৰ প্ৰথম দিনটোতে বৈঠালাংছ’ত ভয়াবহ দুর্ঘটনা
শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই সষ্টম হৈ পৰা আৰক্ষী তথা পৰিবহন বিভাগৰ সতৰ্কতাৰ বাবেই পোন প্ৰথমবাৰৰ বাবে ৩১ডিচেম্বৰ আৰু ১ জানুৱাৰীত দুৰ্ঘটনা শূন্য হ’ল বোকাখাতত।