স্বপন নাথ, কাজিৰঙা: যি সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বনৰ জৰিয়তে দিনে – নিশাই কৰ্তব্য কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ চেষ্টা চলাই আছে তেনে সময়তে বোকাখাত বি জে পি দলৰ পৰা নিৰ্বাচিত হোৱা অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্যই অবৈধ ভাৱে সাধাৰণ জনতাৰ পৰা কোনো সংকোচ নকৰাকৈ ধন সংগ্ৰহত নামি পৰিছে ।
অভিযোগ পোৱা মতে বোকাখাত কল্যাণ বিষয়াৰ কাৰ্য্যালয়ত অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্য শ্যামল বৰাবৰাই কাৰ্যালয় স্থাপন কৰি অ বি চি লোকৰ উন্নয়নৰ কথা পাহৰি এতিয়া সাধাৰণ অ বি চি লোকৰ পৰা জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত চৰকাৰী কোনো কৰ্তৃত্ব নোহোৱাকৈ নিজ ইচ্ছা মতে ৰাজনৈতিক ক্ষমতা প্ৰদৰ্শন কৰি নিজৰ মতে ধন সংগ্ৰহত নামি পৰিছে ।
বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ ছত্ৰছায়াত বলিয়ান হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক তুচ্ছজ্ঞান কৰি কোনো যুক্তি নোহোৱাকৈ বোকাখাত মহকুমাৰ অ বি চি জাতিৰ লোকৰ পৰা এখন অ বি চি জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত কোনো ৰছিদ নিদিয়াকৈ ১৫০টকাকৈ ধন সংগ্ৰহ কৰি আছে । বোকাখাত মহকুমাত এখন অ বি চি জাতিৰ প্ৰমাণ পত্ৰৰ কাৰণে আবেদন কৰিবলৈ যাওঁতে স্থানীয় গাঁৱবুঢ়াৰ পৰা আৰম্ভ কৰি অ বি চি উন্নয়ণ বৰ্ডৰ স্থানীয় সদস্য, ৰাজহ চক্ৰ বিষয়াকে ধৰি সকলো কাম বিধিগত ভাৱে কৰি পৰিয়ালৰ পূৰ্বৰ অ বি চি জাতিৰ প্ৰমাণ পত্ৰ লগত গাথি দি প্ৰপত্ৰ জমা দিয়াৰ পিছতো বোকাখাত অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্যই এক প্ৰকাৰ দাবী কৰি ধন সংগ্ৰহ কৰি আছে ।
ধন দিবলৈ অপাৰগ হোৱা অ বি চি জাতিৰ লোকে প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হবলগা হৈছে । উল্লেখ্য যে এই ক্ষেত্ৰত সাংবাদিকো হাৰি যোৱা নাই । বোকাখাত মহকুমাৰ অধীনত কাজিৰঙাৰ এজন সাংবাদিকে অ বি চি জাতিৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ যাওঁতে বোকাখাত অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্য শ্যামল বৰাবৰাই দুখন অ বি চি জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত নগদ তিনিশ টকা লোৱাৰ অভিযোগ উঠিছে ।
অ বি চি জাতিৰ প্ৰমাণ পত্ৰৰ নামত ধন লোৱাৰ বিনিময়ত ধন লোৱা প্ৰাপ্তি পত্ৰ বিচৰাত এনে ধৰণৰ কোনো নিয়ম নাই বুলি অধক্ষ্য শ্যামল বৰাবৰাই সাংবাদিকক কটাক্ষ কৰে । এই সন্দৰ্ভত বোকাখাত অ বি চি উন্নয়ণ বৰ্ডে দিয়া জাতিগত প্ৰমাণ পত্ৰত বোকাখাতৰ মহকুমাধিপতিৰ হৈ কাউন্টাৰ চাইন মৰা বোকাখাতৰ দণ্ডাধীশ বিক্ৰম নেৱাৰক ফোনযোগে যোৱা ২৪ ফেব্ৰুৱাৰীতেই সাংবাদিকজনে অভিযোগ উত্থাপনো কৰিছিল ।
ইয়াৰ পিছতো কোনো ব্যৱস্থা হাতত নোলোৱাত আজি পুনৰ সাংবাদিকজনে বোকাখাতৰ দণ্ডাধীশ বিক্ৰম নেৱাৰক অ বি চি জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত বোকাখাত অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্যই ধন লোৱাৰ কথা লিখিত ভাবে দাখিল কৰিবলৈ বাধ্য হয় ।
উল্লেখ্য যে সাংবাদিকৰ লিখিত অভিযোগৰ ওপৰত দণ্ডাধীশজনে আজি বোকাখাত কল্যাণ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ বোকাখাত অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্যক সোধাত ধন লোৱা কথাটো সত্য প্ৰমাণিত হয় । সাংবাদিকে বোকাখাতৰ অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্যই অবৈধ ভাৱে ধন সংগ্ৰহ কৰি চৰকাৰী ভাৱে কোনো হিচাপ নৰখাকৈ ধন আত্মসাৎ কৰাৰ কথা লিখিত ভাবে বোকাখাতৰ দণ্ডাধীশ বিক্ৰম নেৱাৰক অভিযোগ দাখিল কৰাৰ পিছত এতিয়া দণ্ডাধীশজনে কি ব্যৱস্থা লয় তাকে লক্ষণীয় হৈ পৰিছে ।
উল্লেখ্য যে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ বিনামূলীয়াকৈ, কোনো বেমেজালি বা অসুবিধা নোহোৱাকৈ সংশ্লিষ্ট বিভাগৰ বিষয়া বিদ্যালয়ে বিদ্যালয়ে গৈ অ বি চি জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে তেনে সময়তে বোকাখাতৰ অ বি চি উন্নয়ণ বৰ্ডৰ অধক্ষ্য শ্যামল বৰাবৰাই নিজৰ ময়মতালিৰে সাধাৰণ লোকৰ পৰা ধন সংগ্ৰহ কৰি থকা কথাটো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।