বোকাখাতঃ অসমৰ কোষাগাৰ সমূহত যিমানবোৰ গঁড়ৰ খড়্গ সংৰক্ষিত হৈ আছিল সেই খড়্গ সমূহ জ্বলাই পেলোৱাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।
গোলাঘাট, কাৰ্বিআংলং, নগাঁও, BTR, কামৰূপ, মৰিগাঁও, নগাঁও, বিশ্বনাথ জিলাৰ পৰা ট্ৰাকে ট্ৰাকে বোকাখাত কোষাগাৰলৈ আনিছে খড়্গসমুহ ৷ ১৯৮১ চনৰ পৰা এই খড়্গসমূহ সংৰক্ষিত হৈ আছিল।
প্ৰথমে গোলাঘাটৰ কোষাগাৰ, বোকাখাত কোষাগাৰ আৰু কহঁৰা বনাঞ্চলত থকা খড়্গসমুহ জ্বলাই দিয়া হ’ব ৷ মুঠ ৬টা স্থানত খড়্গসমূহ দাহন কৰা হ’ব। ইয়াৰে ৪টাত কেৱল গোলাঘাট আৰু বোকাখাট কোষাগাৰৰ খড়্গসমূহ দাহ কৰা হ’ব। আন ২টা স্থানত অন্য জিলাৰ কোষাগাৰৰ খড়্গসমূহ জ্বলাব ৷
লগতে পঢ়কঃপত্নীৰ অজ্ঞাতে স্বামীৰ অবৈধ সম্পৰ্ক ,গটালে আৰক্ষীক
২২ ছেপ্টেম্বৰত বোকাখাতৰ ৰাজহুৱা খেল পথাৰত নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে দাহ কৰা হ’ব ২৪৭৯টা খড়্গ ৷ খড়্গসমূহত মুখাগ্নি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইতিমধ্যে বোকাখাতত গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি তুংগত উঠিছে। খৰ্গ দাহৰ বাবে খেলপথাৰত স্থাপন কৰা হৈছে ছটাকৈ বিশেষ চৌকা।
২২ ছেপ্তেম্বৰ বিশ্ব গঁড় দিৱস উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হ’ব ৷ সমান্তৰাল ভাৱে মৃত গঁড় সমূহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ’ব ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে বোকাখাতত বাহৰ পাতিছে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰত চিতাভষ্মৰূপে বিসৰ্জন দিব ৷