বোকাখাতঃ বোকাখাতত পোন প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৰাজ্যিক টাইকোৱানডো ৰেফাৰী কৰ্মশালা।

সদৌ অসম টাইকোৱানডো সন্থাৰ তত্ত্বাৱধানত তথা বোকাখাত জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে বোকাখাতৰ চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত কৰ্মশালা খনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা মুঠ ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম টাইকোৱানডো সন্থাৰ সমম্বয়ক ভূপাল থাপাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ক্ৰমে আলি আহমেদ জাফাৰী, দীনেশ গুপ্তা,আৰু পৱন শইকীয়া। লগতে বোকাখাত জিলা টাইকোৱানডো সন্থাৰ তৰফৰ পৰা উপস্থিত থাকে সভাপতি মুহিৰাম লয়িং তথা সম্পাদক মনোজ দাস।

লগতে পঢ়কঃঅঘটন! গুৱাহাটী ৰেল ষ্টেচনত উচ্চ ভল্টেজ সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি ৰেল চালকৰ মৃত্যু

উল্লেখযোগ্য যে পোন প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাই অসমৰ প্ৰতিখন জিলাৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত বিশেষ উছাহ বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলে বিশেষভাৱে উদগনি লাভ কৰিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালক সকলে।

ইফালে ক’ভিড সৃষ্ট পৰিবেশৰ বাবে অনুষ্ঠানটোৰ ভালেসংখ্যক কাৰ্যসূচী বাতিল কৰিব লগা হোৱাৰ উপৰিও নিমন্ত্ৰিত সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাৰ লগতে অনুসূচীত জাতি পৰিষদৰ অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড০ ৰামানন্দ দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply