বকো : কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক ভয়াবহ পথ দুর্ঘটনা। পথ দুর্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হয় অন্য এজন যুৱক। অচিনাক্ত বাহন এখনে মহতিয়াই নিয়ে বাইক। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই পথ দুর্ঘটনা।

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰিত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়াবহ পথ দূৰ্ঘটনা৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এএছ-২৫-জে-৭৫৯০ নম্বৰৰ বাইকেৰে দুজন যুৱক নিজ গৃহলৈ গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে বাইকখনক খুন্দা মৰাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে অন্য এজন যুৱক গুৰুত্বৰভাৱে আহত হয়। নিহত যুৱক জন জিন্নত আলী আৰু আহত যুৱক জন অহেজ উদ্দিন আলী বুলি জানিব পৰা গৈছে।

ইফালে দুর্ঘটনা সংঘটিত কৰা বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুর্ঘটনৰ খৱৰ পাই দূৰ্ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হোৱা বকো আৰক্ষীয়ে নিহত বাইক যুৱক জনক বকো থানালৈ লৈ অহাৰ লগতে আহত জনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰে৷

যুৱক দুজনৰ ঘৰ বকোৰ ২ নং বৰুৱা পাহাৰতলী গাঁৱত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যুৱক দুজন গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল৷ বকো আৰক্ষীয়ে নিহত জিন্নত আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply