বকো – বিজেপিৰ কাৰ্যালয়ত তলা উলমালে মহিলা বিজেপি কৰ্মীয়ে। সমষ্টি অগপক এৰি দিয়াৰ খবৰে ক্ষোভিত কৰি তুলিলে বিজেপি কর্মীক। কামৰূপ জিলাৰ বকো সমষ্টিত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ। আমাক বিজেপিৰ প্ৰাৰ্থী লাগিবই ধ্বনিৰে উত্তাল বকোৰ ছমৰীয়া বিজেপি কাৰ্যালয়ৰ সন্মুখ।
অগপৰ লগত মিত্ৰৰ বাবে বিজেপিয়ে বহু সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে। বিজেপিয়ে অগপক এৰি দিব কেইবাটাও সমষ্টি। বর্তমানলৈকে কোন কেইটা সমষ্টি বিজেপিয়ে অগপক এৰি দিব ইয়াৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও ইয়াকলৈ বিজেপি কৰ্মীৰ মাজত দেখিবলৈ পোৱা গৈছে বিক্ষোভৰ জুই।
প্ৰতিটো সমষ্টিৰ বিজেপি কর্মীক লাগে নিজ দলৰ প্ৰাৰ্থী আৰু নিজ দলৰ প্ৰাৰ্থীৰ দাবীত সমষ্টিয়ে সমষ্টিয়ে বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ। এইবাৰ কামৰূপ জিলাৰ বকো সমষ্টি বিজেপিয়ে অগপক এৰি দিয়াৰ খবৰে ব্যাপকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমষ্টিটোৰ বিজেপি কৰ্মীৰ মাজত।
শুকুৰবাৰে বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত বিজেপি কর্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বকোত বিজেপি দলৰ প্ৰাৰ্থীৰ দাবীত বিজেপি কর্মী সকলে বিজেপিৰ ছমৰীয়া কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।
ছমৰীয়াৰ বিজেপি দলৰ মহিলা কৰ্মীয়ে বিজেপিৰ ছমৰীয়া কাৰ্যালয়ত তলা ওলমাই সমষ্টিটো অগপক এই দিয়াৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰী বিজেপি কৰ্মীয়ে আমাক বিজেপিৰ প্ৰাৰ্থী লাগিবই ধ্বনিৰে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীৰ দাবী জনায়।