গুৱাহাটী– নাৰী মানেই এগৰাকী মাতৃ, কাৰোবাৰ পত্নী, কাৰোবাৰ আকৌ ভগ্নী। সকলো এগৰাকী নাৰীৰ মাজতেই নিহিত হৈ থাকে। এই শব্দটোৰ আঁৰতেই লুকাই আছে সমগ্ৰ শক্তি। সময়ে এগৰাকী নাৰীক বিভিন্ন দায়িত্ব লৈ পৰিৱৰ্তিত কৰে।
এগৰাকী নাৰীয়ে সন্তানৰ দায়িত্ব অকলেই মূৰ পাতি লৈ সাহসেৰে চলাই যাব পাৰে জীৱন সংগ্ৰাম। তেনে সংগ্ৰামী নাৰীসকলৰ ভিতৰত এগৰাকী হৈছে বকোৰ পূজা বড়ো নামৰ মহিলাগৰাকী। বকোৰ পৰা শাক-পাচলিবোৰ মালবাহী গাড়ীখনত ভৰাই পুৱাতেই গুৱাহাটীৰ বজাৰলৈ বুলি ৰাওনা হয় পূজা।
গাড়ীখন বকোৰ পৰা গুৱাহাটীলৈ পূজাই নিজেই চলাই আহে। স্বামীৰ লগত বিবাহ বিচ্ছেদ ঘটাত তিনি সন্তানক ভোৰণ – পোষণ দিয়াত অসমৰ্থ হৈ পৰা পূজাই এখন গাড়ী কিনি নিজে চলাই অশেষ কষ্টৰ মাজেৰে পৰিয়ালটো পোহপাল দি আছে পূজাই।
পূজাৰ দুই কন্যা পঢ়ি আছে মহাবিদ্যালয়ত আৰু পুত্ৰ পঢ়ি আছে পঞ্চম শ্ৰেণীত। নিজৰ সন্তান কেইটাক উচিত শিক্ষাৰে মানুহ হিচাপে গঢ় দিবলৈ পূজাই চলাই গৈছে এই সংগ্ৰাম।
পূজাই অকল নিজৰ পৰিয়ালটোৰ বাবেই যে চিন্তা কৰিছে তেনে নহয়। তেওঁ গাঁৱৰ আন ১৫ গৰাকী মহিলাকো স্বাৱলম্বী হ’বলৈ শিকাইছে। বকোৰ দিলিঙাৰ কেইগৰাকীমান মহিলাকো বামুনীমৈডামৰ বজাৰলৈ পাঁচলি বিক্ৰী কৰিবলৈ পূজাই লগত লৈ আহে। ভাৰাৰ ক্ষেত্ৰত বেলেগৰ তুলনাত মহিলা কেইগৰাকীৰ পৰা অতি নুন্যতম মূল্য সংগ্ৰহ কৰে । বকোৰ পৰা গুৱাহাটীলৈ অহা-যোৱাৰ নামত মহিলাকেইগৰাকীৰ পৰা পূজাই লয় মাত্ৰ ৩০০ টকা।
সাধাৰণতে অতীতত অসমক বাদ দি উত্তৰ-পূৱৰ বাকীকেইখন ৰাজ্যত মহিলাই শাক-পাচলিৰ ব্যৱসায় কৰাটো দেখা গৈছিল। কিন্ত দিনক দিনে অসমৰ বিভিন্ন প্ৰান্তটো পুৰুষৰ সমানে সমানে মহিলাসকলে এইদৰে স্বাৱলম্বীতাৰ পথ বাচি লৈছে। বকোৰ পূজা বড়ো এতিয়া সমগ্ৰ নাৰী সমাজৰ বাবে এক আদৰ্শ।