বকোঃ বকোৰ ছমৰীয়াত দেওবাৰে নিশা আয়োজিত ৰংমন সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ হাৰ্টৰ্থৱ জুবিন গাৰ্গে চৰ্চিত বোকা নৃত্যক লৈ মন্তব্য কৰে। বোকা নৃত্য ছালৰ বাবে ভাল বুলি মন্তব্য কৰি শান্তিপূৰ্ণভাৱে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ সমৰ্থকক আহ্বান জনায়। ইফালে অসমীয়া চিনেমা চাবলৈ পুনৰ আহ্বান জনাই শিল্পীগৰাকীয়ে।

ৰংমনৰ মঞ্চত জুবিন আৰু শতাব্দী বৰাৰ কণ্ঠৰ ‘এবাৰ যদি কোৱা’ নামৰ গীত এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰতিকুল বতৰত হাজাৰ হাজাৰ দৰ্শকৰ মাজত নিজেও বৰষুণত তিতি স্বভাৱ সুলভ গীত পৰিবেশন কৰে শিল্পীগৰাকীয়ে। আনহাতে ৰংমনৰ মঞ্চত শেষৰ গানটোত প্ৰয়াত বলিউডৰ জনপ্ৰিয় শিল্পী কে কে স্মৰণ কৰি আৱেগিক হৈ পৰিল জুবিন গাৰ্গ।

লগতে পঢ়কঃলংকাত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply