কাজিৰঙালৈ শীঘ্ৰেই আহিব বলিউড অভিনেতা অক্ষয় কুমাৰ। অভিনেতাগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বুলি দিয়া সহাৰিৰ পাছতে উৎফুল্লিত উদ্যান কৰ্তৃপক্ষৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বানৰ ভয়াৱহতা আৰু সেই সময়ৰ জীৱজন্তু বোৰৰ বিলাই বিপত্তিৰ ছবি খন দেখা পাই হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয় কুমাৰে দিছিল ১কোটি টকা।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমনৰ বাবে আমন্ত্ৰণ জনাইছিল টুইটাৰত। তাৰপাছতেই টুইটৰ ৰিপ্লাই দি শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে অভিনেতা অক্ষয় কুমাৰে।
অভিনেতাগৰাকীৰ আগমনকলৈ এতিয়া ব্যস্ত হৈ পৰিছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষ।ইতিমধ্যে কাজিৰঙা কতৃপক্ষই কাৰাছিং আৰু ডংগাত চোৰাংচিকাৰ ৰোধিবৰ বাবে দুটা কেম্প, বান্দৰডুবিত হাইলেণ্ড আৰু ৰাস্তা, পতাহীত জলাশয় ওপৰত দলং, বানৰ সময়ৰ বাবে ফ্লটিং কেম্প আদি নিৰ্মাণ কৰিছে সেই অৰ্থ সাহাৰ্যত।