নিউজ ডেস্কঃ আবু ধাবিৰ ইয়াছ দ্বীপত অনুষ্ঠিত ২৩ তম সংস্কৰণৰ আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ একাডেমী আৰু বঁটা (International Indian Film Academy and Awards) ত ‘মনিকা অ মাই ডাৰ্লিং‘ নামৰ ছবিখনত চাউণ্ড মিক্সিং (Sound Mixing) কৰাৰ বাবে গুৱাহাটীৰ বোলয় কুমাৰ ডোলোইয়ে IIFA বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই IIFA বঁটা তেওঁৰ লগতে সহযোগী গুঞ্জন এ. শাহ আৰু ৰাহুল কাৰ্পে পাবলৈ সক্ষম হৈছে।
অসমৰ গুৱাহাটীত জন্ম গ্ৰহণ কৰা বোলয় কুমাৰ ডলোই এজন সফল ইণ্ডিয়ান চাউণ্ড ইঞ্জিনীয়াৰ লগতে চাউণ্ড মিক্সাৰ। কম বয়সতে চলচ্চিত্ৰ নিৰ্মাণ আৰু অডিঅ’ অভিযান্ত্ৰিকৰ ডিপ্লোমা সম্পূৰ্ণ কৰিবলৈ বলীউডলৈ যায়। ১৬ বছৰ ধৰি অভিজ্ঞতাৰে পৰিপূৰ্ণ ডলোই 200 তকৈও অধিক ফিচাৰ ফিল্মত কাম কৰিছে।
ইয়াৰোপৰি, ডলোই চলচ্চিত্ৰ নিৰ্মাতাই মীৰা নায়াৰ, মজিদ মাজিদি, এছ এছ ৰাজামৌলী আৰু শ্বামীম শ্বৰীফৰ সৈতে বছৰ ধৰি কাম কৰি আহিছে। বোলয় কুমাৰ ডলোই শেহতীয়া ভাৱে অস্কাৰ জয়ী RRR, শ্বেৰশাহ, কাবিল দৰে বহু জনপ্ৰিয় ছবিত চাউণ্ড মিক্সিং কৰিছে।
লগতে পঢ়ক – আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহৰ পুনৰ নিৰ্মাণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ