বকো : বন বিভাগৰ গুলীত দুবছৰীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ। কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত বন বিভাগৰ গুলীত মৃত্যু হৈছিল এগৰাকী দুবছৰীয়া কন্যা শিশুৰ। গুলীবিদ্ধ হৈছিল কন্যা শিশুটিৰ মাতৃ। ইয়াৰে প্ৰতিবাদ ৰাইজে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ।
শুকুৰবাৰে বন বিভাগৰ গুলীত কন্যা শিশুটিৰ মৃত্যুৰ পিছৰে পৰা স্থানীয় ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত ৰাইজে নিশা পথ মুকলি কৰি দিয়ে। শনিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে পুনৰ ৰাজপথ অৱৰোধ কৰে।
ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত ৰাষ্ট্ৰীয় পথৰ দুয়ো পাৰতে তীব্ৰ যানজতৰ সৃষ্টি হয়। ইয়াৰ পিছতে প্ৰতিবাদকাৰী ৰাইজে বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
শুকুৰবাৰে বন্দাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুত্বৰভাৱে আহত হোৱাৰ পিছতে বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ অভিযান আৰম্ভ কৰে। বন বিভাগে বনৰীয়া হাতীক খেদিবলৈ গুলী চালনা কৰাত বন বিভাগৰ গুলীত গুলীবিদ্ধ হয় মালবিকা দৈমাৰী নামৰ এগৰাকী মহিলাৰ লগতে মহিলা গৰাকীৰ দুবছৰীয়া কন্যা আবি দৈমাৰী।
লগতে পঢ়ক : হাটশিঙিমাৰী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন
বন বিভাগৰ গুলীত আবি দৈমাৰী নামৰ কন্যা শিশুটিৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু কন্যা শিশুটোৰ মাতৃ মালবিকা দৈমাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাৰ পিছতে বন্দাপাৰাৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে।