নিউজ ডেস্কঃ অসম আৰক্ষীৰ বৃহৎ সফলতা। বঙাইগাঁৱত জব্দ বহু পৰিমাণৰ গাঞ্জা।

জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ১৩কেজি ১০০ গ্ৰাম।

গাঞ্জাখিনিৰ মূল্য প্ৰায় ১লাখ টকা।

গেৰুকাবাৰী আৰক্ষীৰ তহলদাৰী এটা দলে বঙাইগাঁৱৰ জামদহাত এখন নেন’ গাড়ীৰ পৰা জব্দ কৰে গাঞ্জাখিনি।

লগতে আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে গাঞ্জা সৰবৰাহকাৰীটোক।

আৰু পঢ়কঃ বিহালীত অসম গোর্খা সন্মিলনৰ নৱম ত্রিবার্ষিক অধিৱেশন

ধৃত গাঞ্জা ব্য়ৱসায়ীটো গুৱাহাটীৰ বিজয় দেৱ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ১৪২/২০২১, ইউ/এছ- ২২ (বি) নম্বৰৰ এক গোচৰ ৰুজু কৰি বঙাইগাঁৱৰ আদালতত হাজিৰ কৰি গাঞ্জা ব্য়ৱসায়ীটোক জেললৈ প্ৰেৰণ কৰে।

আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কভিড-১৯ পৰীক্ষাৰ তিনিদিনীয়া কাৰ্যসূচী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply