বঙাইগাওঁঃ বঙাইগাৱঁত উত্তপ্ত পৰিস্থিতি। ভোটাৰ – নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।
৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬১৯ নং পশ্চিম ভাদ্ৰাগাঁও এল, পি স্কুলৰ ৯১ নং ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।
শাৰী পতাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
ভোটাৰক অৰ্ধসামৰিক বাহিনীৰ লোকে প্ৰহাৰ কৰাৰ অভিযোগ।
অৰ্ধসামৰিক বাহিনীৰ লাঠী চালনাত আহত কেইবাগৰাকীয়ো ভোটাৰ আহত।
আহত কেইজনক বিদ্যাপুৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী ফণীভূষণ চৌধুৰীকে ধৰি আৰক্ষী অধীক্ষক।