গুৱাহাটীঃ অসম চৰকাৰৰ ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত প্ৰাথমিক শাখাৰ ১৪৯ শিক্ষাখণ্ড আৰু মাধ্যমিক শাখাৰ ৩৪ খন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্য্যালয়লৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ। মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

২০২২-২৩ বৰ্ষৰ পহিলা দিনতে ছাত্র-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব এই পাঠ্যপুথি। ইতিমধ্যে অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা ৰাজ্যৰ ৩৪ জিলালৈ ৰাওনা হৈছে পাঠ্যপুথিভৰ্তি ট্ৰাকসমূহ। পাঠ্যপুথি বিতৰণ কার্যসূচীত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত উপস্থিত থাকে।

লগতে পঢ়কঃপৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিচুকীয়াত জাৰি ১৪৪ ধাৰা

এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে কয় যে পূৰ্বতে বাগান কৰ্তৃপক্ষৰ অধীনত থকা বাগান এলেকাৰ ৩৯৯ খন বিদ্যালয় বৰ্তমান অসম চৰকাৰৰ শিক্ষাখণ্ডৰ অধীনলৈ অনা হ’ব। শিক্ষাৰ সকলো সুবিধা প্ৰদান কৰা হ’ব এই বিদ্যালয় সমূহত। কম সংখ্যক ছাত্র-ছাত্ৰী থকা বিদ্যালয়সমূহ নিকটৱৰ্তী বিদ্যালয় সমূহৰ সৈতে একত্ৰিকৰণ কৰা হ’ব। ১লাখ চাকৰিৰ প্ৰায় সংখ্যক চাকৰি শিক্ষকৰ বাবে মুকলি কৰা হ’ব।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি ৩লাখ পাঠ্যপুথি বিতৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply