যোৰহাটঃ যোৰহাট জিলা সংগ্ৰহালয়ে গোলাঘাটৰ কমাৰবন্ধা আলিৰ বামুণগাঁৱৰ পৰা এখনি অমূল্য সচিত্ৰ সাঁচিপতীয়া পুথি আৰু এখনি দুস্প্ৰাপ্য গ্ৰন্থ দান কৰে। জ্যেষ্ঠ নাগৰিক জয়চন্দ্ৰ তামুলীয়ে স্থায়ীভাৱে সংগ্ৰহালয়লৈ দানসূত্ৰে আগবঢ়োৱা এই পুথিখন হেঙুল-হাইতালেৰে বোলোৱা আৰু ই ভাগৱতৰ দশম স্কন্ধ বুলি জানিব পৰা গৈছে।

বিকাশ তামুলী নামৰ লোকজনেও পিতৃ ডিম্বেশ্বৰ তামুলীৰ হৈ দানসূত্ৰে প্ৰায় নব্বৈ বছৰ পুৰণি এখন অভিধান আগবঢ়ায়। যিখন অনুমানিক যোৱা শতিকাৰ দ্বিতীয় দশকত প্ৰকাশিত হৈছিল।

লগতে পঢ়কঃৰাজপথতে ঠিকাদাৰক গামোচা পিন্ধাই শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ অনুৰোধ মন্ত্ৰী বিমল বৰাৰ

যোৰহাট জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰৰ সৈতে যোৱা এটি দলে সম্পদকেইটা সংগ্ৰহ কৰাৰ লগতে এনে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে উপস্থিত গাঁওবাসীৰ সৈতে আলোচনা কৰে।

উল্লেখ্য যে, এই অঞ্চলটিত এনে প্ৰাচীন পুথি তথা সম্পদ নিকটৱৰ্তী কাকডোঙা নৈত উটুৱাই দিয়াৰ এক প্ৰথা আছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰে এই কু-প্ৰথা পৰিহাৰ কৰিবলৈ আৰু কাৰোবাৰ ওচৰত এনে সম্পদ থাকিলে সংগ্ৰহালয়ত দান দিবলৈ আহ্বান জনায়। ইয়াৰ বাবে ইচ্ছুক ব্যক্তিক স্থানীয় সচেতন ব্যক্তি বিকাশ তামুলী অথবা যোৰহাট জিলা সংগ্ৰহালয় আৰু ৰাজ্যিক সংগ্ৰহালয়ৰ ফেছবুক পেজৰ জৰিয়তে সংগ্ৰহালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply