প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী : লেখক, সাহিত্যিক, গ্রন্থপ্রেমীৰ মাজত বিপুল উছাহ-উদ্দীপনাৰ সৃষ্টি কৰি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়ােজন কৰা অসম গ্রন্থমেলা। অহা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্রন্থমেলা উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণােজ পেগুৱে।

ভাষণ প্রসংগত ডাঃ পেগুৱে কয় ‘কিতাপ পঢ়া মানে মনৰ প্রশান্তি। গ্রন্থৰ মাজত নিজকে বিলীন কৰিব পাৰিলে বৈষয়িক, জাগতিক দ্বন্দ্ব, অশান্তি প্রশমিত কৰি অন্তৰাত্মাক পুনৰাৱিষ্কাৰ কৰিব পৰা যায়। সম্প্রতি মানুহে কিতাপ পঢ়িবলৈ লৈছে। আমি ইয়াক সংস্কৃতিলৈ উত্তৰিত কৰিব লাগে। তেওঁ লগতে অসমীয়াৰ পৰা আন আন বিশ্ব ভাষালৈ আৰু জনগােষ্ঠীয় ভাষাৰ পৰা অসমীয়া ভাষালৈ গ্রন্থ অনুবাদৰ প্ৰয়ােজনৰ বিষয়ে উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গােপাল মহন্তই।

ড° ননী গোপাল মহন্তই ইণ্টাৰনেট, ছ’চিয়েল মিডিয়াৰ আগ্রাসন ঘটিলেও সমাজত গ্রন্থৰ সমাদৰ স্লান পৰা নাই বুলি উল্লেখ কৰে। কেৱল সাহিত্যৰে নহয়, জ্ঞানকেন্দ্রিক গ্রন্থৰ প্রয়ােজনীয়তাৰ বিষয়ে তাৎপর্যপূর্ণ মন্তব্য কৰি ড° ননী গোপাল মহন্তই কয় ‘উপন্যাস, গল্প, কবিতাৰ আধাৰতে সমাজ-জীৱনৰ আকাংক্ষিত উত্তৰণ ঘটে। এই ক্ষেত্ৰত সৃষ্টিশীল সাহিত্যৰ লগতে গৱেষণামূলক জ্ঞানকেন্দ্রিক গ্রন্থৰ ভূমিকা আছে। প্রজ্ঞাৰ বাট মুকলি কৰাৰ বাবে এনে গ্রন্থৰ প্রয়ােজন। তেওঁ লগতে ভক্তি আন্দোলনৰ সৈতে সাহিত্যৰ সংযােগ ঘটাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ নির্মাণ কৰিছিল বুলি কয়।

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া। তেওঁ নতুন প্রজন্মক গ্রন্থ অধ্যয়নৰ প্রতি আকৃষ্ট কৰিবলৈ অভিভাৱক সকলক আহ্বান জনায়। “কিতাপ পঢ়াৰ প্রতি নতুন প্রজন্মৰ মাজত ধাউতি জগাই তুলিব পাৰিলেহে গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব। তদুপৰি পাঠকৰ উপযােগী বা মনৰ চাহিদা পূৰণ কৰিব পৰা গ্রন্থ লেখকে সৃষ্টি কৰিব পাৰিব লাগিব। বিশ্বজুৰি চলি থকা নতুন নতুন বিষয়ৰ কিতাপ অসমীয়া ভাষাত প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজিৰ প্রয়ােজনীয়তালৈ লক্ষ্য কৰি আমি একেখন কিতাপৰ সুৰভিও দিব পাৰিব লাগিব আৰু ই-বুকৰ সুবিধাও দিব পাৰিব লাগিব। অসমীয়া ভাষা মেইলৰ স্তৰৰ পৰা বিশ্বস্তৰলৈ নিব পাৰিব লাগিব।’ এইদৰে কয় ড° শইকীয়াই।

উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে নতুনকৈ প্ৰকাশ কৰা আঠখন গ্রন্থ উন্মােচন কৰা হয়। এই গ্রন্থকেইখন হৈছে ৰক্তিম পাটৰৰ মহাৰাজা পৃথু, ড° প্রাঞ্জল শর্মা বশিষ্ঠ সম্পাদিত ‘আসাম বিলাসিনী’, ড° প্রাণজিৎ বৰা সম্পাদিত ‘নৱকান্ত বৰুৱা ৰচনাৱলী’, ড° অঞ্জলি শর্মা সম্পাদিত ‘নলিনীবালা দেৱীৰ ৰচনাৱলী, ড° দীপক কুমাৰ শৰ্মা অনূদিত শংকৰাচাৰ্য্যৰ বিবেক চূড়ামণি’, ড° অমিয়া ৰাজবংশী অনূদিত ‘ডাউইনৰ দ্য অৰিজিন অৱ স্পেচিছ’ৰ অসমীয়া অনুবাদ ‘প্রজাতিৰ উৎপত্তি’, ড° দীপ্তি ফুকন পাটগিৰি অনূদিত শৰদিন্দু বন্দ্যোপাধ্যায়ৰ ‘তুঙ্গভদ্ৰাৰ পাৰত আৰু ড° ভূপেন ৰায় চৌধুৰী অনূদিত ভাৰতীয় সংস্কৃতিৰ বিশ্ব জিলিঙনি। প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই সদৰি কৰে যে এইবাৰ চৌবৃিছখন পুৰণি গ্রন্থ পুনৰ প্ৰকাশৰ লগতে এখন ‘ভইচ ডিক্সনাৰীৰ কাম চলি আছে।

ইপিনে অসম গ্রন্থমেলা উদ্বোধনী অনুষ্ঠানত ‘বঙল বহু দূৰ’ শীর্ষক উপন্যাসৰ বাবে ডাঃ নন্দিতা দেৱীক ২০২১ বৰ্ষৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু এই গ্রন্থ প্রকাশৰ বাবে জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী নগেন শর্মাক প্রকাশকৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগুৱে প্ৰদান কৰা এই দুয়ােটা বঁটাত আছে মানপত্র, গ্রন্থৰ টোপােলা আৰু ২ লাখকৈ টকাৰ চেক। বঁটা প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে অহা বছৰ শ্রেষ্ঠ সাহিত্য বঁটাৰ বাবে ৫ লাখ টকা দিবলৈ চেষ্টা কৰা হ’ব। এই প্রক্রিয়াত পাঠকৰ পৰা ভােট গ্রহণৰ ব্যৱস্থা কৰাৰ লগতে নির্বাচিত জুৰিয়ে লােৱা সিদ্ধান্তৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হ’ব।

লগতে পঢ়ক  : মৰাণত কণ্ঠশিল্পী বিপিন চাউদাঙৰ “ডিস্ক’ ডান্স” মুকলি

উল্লেখ্য যে অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত সচিব প্রীতম শইকীয়া আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰা অসম গ্রন্থমেলা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই। অনুষ্ঠানত অংশগ্রহণ কৰি শলাগৰ শৰাই আগ বঢ়ায় সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply