গুৱাহাটী – মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সোমবাৰে মহানগৰীৰ তাজ ভিভান্টাত আয়ােজিত এক অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জীৱন আৰু কৰ্মৰাজি আলােকপাতেৰে অনির্বান গাংগুলী আৰু শিবানন্দ দ্বিবেদীৰ “অমিত শ্বাহ – এণ্ড দ্যা মার্চ অব বিজেপি” শীর্ষক গ্ৰন্থখনৰ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৰা অসমীয়া অনুবাদ “অমিত শ্বাহ আৰু অগ্রগামী বিজেপি” গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মােচন কৰে। এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে এই গ্রন্থখনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জীৱন আৰু কৰ্মৰাজি বিতংভাৱে উল্লেখ কৰা হৈছে।
এই গ্রন্থ অধ্যয়ন কৰাৰ পিছত বহুলােকে অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গ্ৰন্থখন অধ্যয়ন কৰি লাভ কৰা উপলব্ধি ৰাজহুৱাভাৱে ব্যক্ত কৰিলে অধিক লােক উপকৃত হ’বলৈ সক্ষম হ’ব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মানৱ জীৱনক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সর্বাংগসুন্দৰ কৰাৰ লগতে জীৱনত আনন্দ লাভ কৰিব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কঠোৰ পৰিশ্রম, সততা আৰু নিষ্ঠাৰে কাম কৰি এক উচ্চ আদর্শ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
মহান মনীষীসকলে উচ্চ আদর্শ প্রতিষ্ঠা কৰি গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই আদর্শ অনুসৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষক শ্রেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত যি যুঁজ দিছে, তাৰ ফলত ভাৰতীয় নাগৰিকসকল উৎসাহিত হৈছে। তেওঁ কয় যে দেশৰ একতা, অখণ্ডতা ৰক্ষা আৰু সার্বভৌমত্বৰ ক্ষেত্ৰত কোনাে আপােচ কৰা নহয়। সেই নীতি অনুসৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাম কৰি আহিছে।
সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ সময়ত তেওঁ অত্যন্ত সূক্ষ্মভাৱে ৰাষ্ট্ৰীয় ভাব-ধাৰণাৰ ব্যাখ্যা আৰু যুক্তি দাঙি ধৰিছিল। তাৰ ফলত বিৰােধী পক্ষইও সেই কথা বুজি পাবলৈ সক্ষম হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে যি গৰাকী ব্যক্তিৰ হৃদয়ত ৰাষ্ট্র ভক্তি থাকে তেওঁহে ৰাষ্ট্র ধর্ম পালন কৰিব পাৰে। দেশভক্ত হিচাপে সন্মান বুটলিব পাৰে। তেনে দৃষ্টিভংগীৰে কাম কৰি অহা বাবে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশীর্বাদ বুটলিবলৈ সক্ষম হৈছে।
ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহক এগৰাকী আদর্শবাদী নেতা হিচাপে অভিহিত কৰে। গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰা বাবে মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্রাক্তন সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ্যে কেইবাগৰাকীও মন্ত্রী তথা বিধায়কৰ লগতে বিজেপি কর্মকর্তাসকল উপস্থিত থাকে।