গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত অসম কবি চক্ৰৰ দ্বাৰা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবি-অনুবাদক ড০ হাছিনুচ চুলতানৰ কাব্য সংকলন ‘কাৰ বাবে লিখিছোঁ কবিতা’ আজি অনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে মনজিৎ সিং, সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক বিপুল দেউৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লেখক আব্দুল মান্নান, বিপুল শৰ্মা আৰু বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীয়ে। প্ৰেছ ক্লাবৰ সভাগৃহ আৰু সমগ্ৰ চৌহদতে সমবেত বহু কবি-সাহিত্যিক, সাংবাদিক আৰু গুণমুগ্ধসকলৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি মনজিৎ সিঙে কয় যে সৰল আৰু উপজীৱ্য ভাষাত ডঃ হাছিনুচ চুলতানে কবিতা লিখিছে ৷
কবিতাৰ ভাষাত মানৱীয় আবেদন পৰিস্ফুট বুলি উল্লেখ কৰে মনজিৎ সিঙে ৷ কবিতাত ক্ৰমাৎ হেৰাই যাব ধৰা মানৱদৰদী দায়বদ্ধ আৰু প্ৰতিবাদী কণ্ঠ হাছিনুচ চুলতানৰ কবিতাত বলিষ্ঠভাৱে প্ৰতিভাত হৈছে। তেওঁৰ বৰ্ণিল কেনভাচখনত কবিতা নান্দনিক শব্দচয়নৰ অন্তহীন খেল হৈ থকা নাই, বৰং তাত তেওঁৰ নিভাঁজ হৃদয় আৰু মনীষাৰ অভিব্যক্তি পীড়িত মানুহৰ মুকুতিৰ গভীৰ আকূতি হৈ ৰসোত্তীৰ্ণ হৈছে বুলি উন্মোচক মনজিৎ সিঙে ৷
আন এগৰাকী উন্মোচক সাহিত্য অকাডেমী বিজয়ী লেখক বিপুল দেউৰীয়ে কয়–ডঃ হাছিনুচ চুলতানৰ কবিতাত কৃত্ৰিমতা নাই ৷ সৰলকৈ লিখিছে কবিতাবোৰ ৷ তেওঁৰ কবিতাত মানুহৰ সুখ-দুখৰ বৰ্ণনা উল্লেখ আছে বুলিও উল্লেখ কৰে বিপুল দেউৰীয়ে ৷ সভাত উপস্থিত থকা আন এগৰাকী উন্মোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানে কয়–কবিতাৰ শক্তি প্ৰচূৰ ৷ কবিসকলে বিশ্বখনক প্ৰতিনিধিত্ব কৰে ৷ কবিসকলে জটিল সময়ত সমাজ, জাতি আৰু দেশক দিকদৰ্শন কৰি আহিছে বুলিও উল্লেখ কৰে অধ্যাপক আব্দুল মান্নানে ৷
বিশিষ্ট কবি বিপুল শৰ্মাই কয়–হাছিনুচ চুলতানৰ কবিতাশৈলী খুব শক্তিশালী ৷ তেখেতৰ কবিতাই ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰগতিশীল ধাৰাটোক আগুৱাই লৈ যোৱাত সবল ভূমিকা গ্ৰহণ কৰিব বুলি বিপুল শৰ্মাই কয় ৷
সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ অন্যতম বিশিষ্ট কবি-সমালোচক ৰাজীৱ বৰাই ড০ চুলতানৰ সদ্য উন্মোচিত গ্ৰন্থখনৰ প্ৰচ্ছদ সমৃদ্ধ কৰি লিখিছে: ‘মাত্রাধিক আৱেগৰ ঊৰ্ধ্বত বোধ কবিতাৰ অন্যতম সহচৰ হ’লে পঢ়ুৱৈৰ মনত কাব্য কথকতাই যে জোকাৰণি তোলে কবি হাছিনুচ চুলতানৰ কবিতা পঢ়িলে সেই অনুভৱ দৃঢ় হয়।
সংবেদনশীল অথচ প্ৰচুৰ অধ্যয়নশীল চুলতানৰ কবিতাই ঐতিহাসিক প্রেক্ষাপটত বিপন্ন মানৱতাৰ প্ৰতি যি মনোযোগ দেখুৱাইছে সিয়েই তেওঁক সমকালতো মানৱীয় হাহাকাৰৰ ভাষ্যকাৰ হ’বলৈ প্ৰেৰিত কৰিছে। আধুনিক জীৱন-যাতনা ক’বলৈ যাওঁতে লোক-কথাৰ নেৰেটৰজনকো মনত ৰখাৰ বাবেই তেওঁৰ কবিতা পঠন আমাৰ বাবে আনন্দদায়ক অভিজ্ঞতা।
‘কাৰ বাবে লিখিছোঁ কবিতা’ৰ স্ৰষ্টা ড০ হাছিনুচ চুলতান কটন কলেজৰ ইংৰাজী বিভাগৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্রীধাৰী। বৰ্তমান তেওঁ হোজাই জিলাৰ ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক।
আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী ‘ক্ৰছ কাৰেণ্টছ্ : এন ইন্টাৰনেশ্যনেল পিয়েৰ ৰিভিউড্ জার্নেল অন হিউমেনিটিছ এণ্ড ছৌশ্যেল ছায়েন্সেছ’ৰ মুখ্য সম্পাদক ড০ হাছিনুচ চুলতানে বিদ্যায়তনিক গ্ৰন্থ আৰু গৱেষণামূলক প্রবন্ধ প্রকাশেৰে লেখক জীৱনৰ পাতনি মেলিলেও ২০১৬ চনৰ পৰা তেওঁ সৃষ্টিশীল কাব্যচর্চা, অনুবাদ আৰু সাহিত্য সমালোচনাত একান্তভাৱে আত্ম-নিয়োজিত। উল্লেখ্য যে ২০১৮ চনত অন্ধ্র প্রদেশৰ বিজয়ৱাড়াত অনুষ্ঠিত আন্তর্জাতিক বহুভাষিক কবি সন্মিলনত তেওঁ অসমৰ এগৰাকী বিশিষ্ট প্রতিনিধি কবি হিচাপে অংশ গ্ৰহণ কৰিছিল।
লগতে পঢ়ক-বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা
উক্ত সমাৰোহত উন্মোচিত ‘অমৰাৱতী প’য়েটিক প্রিজম ২০১৮’ শীর্ষক উচ্চ মানসম্পন্ন গ্ৰন্থখনত তেওঁৰ মৌলিক আৰু অনূদিত কবিতাও সন্নিৱিষ্ট হৈছে। পৰৱৰ্তী সময়তো তেখেতৰ কবিতা কেইবাখনো আন্তর্জাতিক কাব্যগ্রন্থত অন্তর্ভুক্ত হৈছে। ‘দ্য গোল্ডেন গ্রেইন’ শীৰ্ষক অনূদিত কাব্যগ্রন্থৰ বাবে ২০১৮ বৰ্ষৰ স্ক’লার্জ একাডেমিক ছ’চাইটিৰ ‘সাহিত্য অনুবাদক বঁটা’, ‘ঘন বৰা স্মাৰক কবিতা আৰু সাহিত্য বঁটা’ (গোলাঘাট, ২০১৯), ‘কবিতাৰ দিনৰ সন্মান’ (অকণিৰ সাহিত্য সভা, নগাঁও, ২০১৯), ‘দিলীপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা’ (ধুবুৰী, ২০২০), ‘উদ্দীপন সন্মান’ (২০২১, তেজপুৰ), আৰু ‘কাব্যশশী আতৰ আলী চৌধুৰী বঁটা’ (হোজাই, ২০২১)ৰে সন্মানিত ড০ হাছিনুচ চুলতানৰ কবিতা ইংৰাজী, হিন্দী, উড়িয়া, পাঞ্জাৱী আৰু স্পেনিছ ভাষালৈয়ো অনূদিত হৈছে।