সোণাৰি: সোণাৰিৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।

গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা প্ৰাপক, বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ জয়ন্ত মাধৱ বৰা। এই অনুষ্ঠানত উন্মোচিত গ্ৰন্থ কেইখন হ’ল পূৰৱী বৰুৱা ফুকনৰ “প্ৰসংগ : অসমীয়া লোক সংস্কৃতি” , তৰু ডি. বড়াৰ “জীৱন-সম্বন্ধ ইত্যাদি” আৰু নিজৰা গগৈৰ “জোনাকত ককাৰ সাধু”।

শিক্ষাবিদ মণি গগৈয়ে বৃক্ষৰোপন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত গুৱাহাটীৰ ভাষা পাব্লিকেচনৰ অধ্যক্ষ মুকুট শৰ্মা, নিবন্ধকাৰ সুৰেশ কুমাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰে বন্তি প্ৰজ্বলন কৰা উন্মোচনী অনুষ্ঠানত টাই জাতীয় সংগীত পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত উন্মোচনী সভাখনত বিশিষ্ট সাহিত্যিক অতুল বৰগোঁহাই, কবি ৰঞ্জিত দত্ত, সমাজকৰ্মী দিগন্ত দত্ত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

লগতে পঢ়ক- বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে যাত্ৰা তিনিচুকীয়াৰ লক্ষীমা চুতীয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply