লখিমপুৰ: ১৯৫০ চনতে স্থাপিত আৰু আহোম ৰাজত্বৰ কালত ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা লাভ কৰা ঘাৰমৰা সত্ৰত দেওবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়।


সত্ৰখনৰ সত্ৰাধিকাৰ বিষ্ণু দেৱ গোস্বামীয়ে ৰচনা কৰা ‘আধ্যাত্মিক চেতনা প্ৰবাহ আৰু নৱবৈষ্ণৱ ধৰ্ম ‘নামৰ প্ৰায় দুশ পৃষ্ঠা জোৰা গ্ৰন্থ খন সত্ৰৰ চৌহদত এক গাম্ভীর্যপুৰ্ণ অনুষ্ঠানত মংগল ধ্বনিৰ মাজত উন্মোচন কৰে এগৰাকী প্ৰজ্ঞাৰ সাধক-গীতাচাৰ্য পুৰন্দৰ বৰুৱাই।

সাম্প্রতিক সময়ত বৌদ্ধিক দৈন্যতাৰ অভাৱৰ অনুভৱ ব্যক্ত কৰি লেখকে নৱপ্ৰজন্মক সুৰক্ষিত বাবে এই প্ৰয়াস হাতত লোৱাত শলাগ জনায় ভাষণ আগবঢ়াই উন্মোচক বৰুৱাই।


এজন পুত্ৰতকৈয়ো এখন গ্ৰন্থৰ মহত্ব অধিক বুলিও উন্মোচক গৰাকীয়ে অনুভৱ প্ৰকাশ কৰে।
গ্ৰন্থ উন্মোচনৰ পুৰ্বে সত্ৰৰ চৌহদতে এটা গুৰুমুৰ্তি উন্মোচন কৰে নীৰেন গোস্বামীয়ে।
উন্মোচনী অনুষ্ঠানত শিক্ষা, সাংস্কৃতিক, বৌদ্ধিক আৰু ধৰ্মীয় ক্ষেত্রত জৰিত গণ্য মান্য লোকে অংশ গ্রহণ কৰে।

লগতে পঢ়ক- ডবকাত কয়লাৰ ট্ৰাকৰ পৰা ধন দাবী কৰা বিজেপি কৰ্মীক জেললৈ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply