গুৱাহাটী : অসম গ্রন্থমেলাৰ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগৰ বিপণীত শিক্ষামন্ত্রী ডাঃ ৰণােজ পেশুৱে তথ্য আৰু জনসংযােগ বিভাগৰ জ্যেষ্ঠ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড° বংকিমা ভাগৱতীৰ জ্বলন্ত মহানগৰ আৰু অন্যান্য আদিত গল্প’ শীর্ষক গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে ৰাজাৰ আগশাৰীৰ প্রকাশন গােষ্ঠী ‘অসম পাবলিচিং কোম্পানী’য়ে এই গ্রন্থখন প্ৰকাশ কৰিছে।

গ্ৰন্থখনত দেশী-বিদেশী বহুল সমাদৃত গল্পকাৰৰ ১৫ টা বাচকীয়া গল্পৰ সাৱলীল অসমীয়া অনুবাদ সন্নিৱিষ্ট কৰা হৈছে। উক্ত গ্রন্থখনৰ পাতনি বিশিষ্ট সাহিত্যিক প্রয়াত ড° লক্ষ্মীনন্দন বৰাই লিখিছিল আৰু ইয়াৰ প্ৰচ্ছদ অংকন কৰিছে দেশৰ আগশাৰীৰ চিত্রশিল্পী সৌৰীশ মিত্রই।

লগতে পঢ়ক  :  কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সভা

এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গােপাল মহন্ত, অসম প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতা, ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য-সচিব পবিত্র মাৰ্ঘেৰিটা, তথ্য আৰু জনসংযােগ বিভাগৰ সবিনী গগৈ সােণােৱাল, তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক বিযুকমল বৰা, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয় গৌতম দাস, অসম পাবলিচিং কোম্পানীৰ স্বত্তাধিকাৰী সঞ্জয় সান্যাল, প্ৰমুখ্যে জনসংযােগ বিভাগৰ বিষয়া-কৰ্মচাৰী, সাহিত্যনুৰাগী লােক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply