নিউজ ডেস্ক: অহা ২২ মে’ত বিশ্বজীত বৰা পৰিচালিত ‘বুম্বা ৰাইড’ ছবিখনে বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱত আনুষ্ঠানিক প্ৰদৰ্শনিৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলক যথেষ্ট উৎফুল্লিত কৰি তুলিছিল। কিন্তু এই আনন্দ বেছি দিনৰ বাবে স্থায়ী হৈ নাথাকিল।

দেওবাৰে ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে ফে’চবুকত অতনু ভুঞাৰ এটা টুইট শ্বেয়াৰ কৰি ‘ভাৰত চৰকাৰৰ সহযোগত’ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ পিছতো অসম চৰকাৰে চিনেমাখনৰ প্ৰধান সদস্যসকলৰ ফ্ৰান্স যাত্ৰাৰ পৃষ্ঠপোষতা কৰাৰ দূৰৰ কথা আনকি এটা শুভেচ্ছা পৰ্যন্ত দিব নোৱাৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে।

জানিব পৰা মতে অসম চৰকাৰে “অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰৰ” উদ্দেশ্যে এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ এটা চাৰিজনীয়া দল প্ৰেৰণ কৰিব। এই দলটোত থাকিব লগীয়া সদস্যসকল হৈছে গায়ক অংগৰাগ মহন্ত, অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আৰু ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দুজন আমোলা। 

অৱশ্যে, ছবিখনৰ পৰিচালক, গোলাঘাটত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান কৰ্মসূত্ৰে মুম্বাইস্থিত বিশ্বজীত বৰাৰ ইয়াক লৈ বিশেষ আক্ষেপ বা অভিযোগ নাই।

“প্ৰসিদ্ধ চলচ্চিত্ৰ মহোৎসৱটোলৈ ‘বুম্বা ৰাইড’ নিৰ্বাচিত হোৱাটো কেৱল অসমীয়া বা আঞ্চলিক ভাষাৰ চিনেমাৰ হিচাপে নহয়, ৰিলত বাস্তৱ জীৱনক চিত্ৰিত কৰা ১২-১৩ লাখ টকাৰ ভিতৰত নিৰ্মিত এখন কম বাজেটৰ হিচাপেও ই এক ডাঙৰ সুযোগ। এই শিতানত প্ৰদৰ্শিত হ’বলগীয়া পাঁচখন আঞ্চলিক ভাষাৰ ভাৰতীয় ছবিৰ ভিতৰত স্থান পায় যথেষ্ট ভাল লাগিছে,’’ দেওবাৰে মুম্বাইৰ পৰা ফোনযোগে ইষ্টম’জ’ক  এইদৰে কয় ৪২ বছৰীয়া বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।

ৰাজ্য চৰকাৰৰ পৰা পৃষ্ঠপোষকতা নোপোৱাত তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত বৰাই কয় যে “সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা বুটলা মোৰ আনখন ছবি ‘গড অন দ্য বেলকনি (২০২০) য়েও বাবে কোনো শুভেচ্ছা বাৰ্তা লাভ কৰা নাছিল, আৰু এতিয়া ‘বুম্বা ৰাইড’ৰ ক্ষেত্ৰত ‘কাঁ’ত নিৰ্বাচিত হোৱাৰ পিছতো একেটাই কাহিনী, গতিকে মই বৰ আচৰিত হোৱা নাই।”

“বুম্বা ৰাইড কাঁ চলচ্চিত্ৰ মহোৎসৱৰ মূল নিৰ্বাচন তালিকাত নাই। অন্যথা সকলোখিনি পৃষ্ঠপোষকতা লাভ কৰিলে হেতেন৷ কিন্তু ভাৰত চৰকাৰে আমাৰ খৰচৰ এটা ডাঙৰ অংশ – ভিছা প্ৰচেছিং, ​​আঞ্চলিক চিনেমাৰ প্ৰচাৰৰ বাবে চেমিনাৰ অনুষ্ঠিত কৰা, অডিটৰিয়াম বুকিং কৰা, লজিং আদিৰ যত্ন লৈছে। অৱশ্যে, যথেষ্ট ব্যয়বহুল হোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে দুজন প্ৰযোজককে ধৰি আমাৰ দলৰ চাৰিজন সদস্যৰ অহা-যোৱা খৰচ বহন কৰিব নোৱাৰিব বুলি জনাইছিল,’-বৰাই কয়।

“গতিকে, অসম চৰকাৰে সদিচ্ছা থকা হ’লে খৰচৰ এই অংশ (যাত্ৰাৰ ভাড়া) বহন কৰিব পাৰিলেহেঁতেন, যিটো এতিয়া অৱশ্যে হৈ নুঠেগৈ, কিয়নো ইতিমধ্যে অসমীয়া চিনেমাৰ প্ৰচাৰৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰতিনিধিৰ তালিকা ঘোষণা কৰিছে।’

অৱশ্যে অসমক প্ৰতিনিধিত্ব কৰি ইয়াৰ চলচ্চিত্ৰক প্ৰদৰ্শন কৰাটোক এক ডাঙৰ দায়িত্ব হিচাপে লোৱা বৰাই এই কথাবিলাকক এক ইতিবাচক মনোভাৱেৰে গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে এটা ইউটিউব ক্লিপত বৰাই কেন্দ্ৰীয় চৰকাৰ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি) আৰু কান চলচ্চিত্ৰ মহোৎসৱক এই সুযোগৰ বাবে ধন্যবাদ জনাইছিল।

 “কাঁ চলচ্চিত্ৰ মহোৎসৱত আমাৰ ছবিখন প্ৰদৰ্শন কৰাৰ এই সুন্দৰ সুযোগ দিয়াৰ বাবে মই ভাৰত চৰকাৰ, এন এফ ডি চি, আৰু কাঁৰ প্ৰতি কৃতজ্ঞ। মই অতি আশাবাদী যে ছবিখনক বিতৰক, প্ৰদৰ্শক, বিক্ৰী এজেণ্ট, আৰু দৰ্শকে আদৰি ল’ব।”-তেওঁ কয়।

“স্বাধীন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আমি আমাৰ ছবিসমূহ দৰ্শকক দেখুৱাব বিচাৰো, কিন্তু আমাৰ হাতত মঞ্চ নাই …আমাক এই সুযোগ প্ৰদান কৰি ভাৰত চৰকাৰে এটা ডাঙৰ কাম কৰিলে,” বৰাই কয়।

ৰাজ্য চৰকাৰৰ উদাসীন ভূমিকাক সম্পৰ্কে বলিউডৰ পৰিচালক মেহুল আথাক সোধাত তেওঁ ইষ্টম’জ’ক  কয়, “মই আচৰিত হোৱা নাই … আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ আৰু বিদেশৰ এক্সপোজাৰৰ ক্ষেত্ৰত আমাৰ চিনেমা আৰু প্ৰতিভা বিলাকক সদায় বেক বাৰ্নাৰত ৰখা হয়, বিশেষকৈ আঞ্চলিক ভাষাৰ চিনেমাৰ ক্ষেত্ৰত।”

বোম্বা ৰাইডৰ  শ্বুটিং ছবিখনৰ নিৰ্মাতা বিশ্ব বৰাই তেওঁৰ জীৱনৰ এছোৱা সময় পাৰ কৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কৰা হৈছিল।

চিনেমাখনত অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ দুখ লগা অৱস্থাক আলোকপাত কৰা হৈছে। 

শিশু শিল্পী ইন্দ্ৰজিৎ পেগুৱে চিত্ৰিত কৰা চৰিত্ৰটো বুম্বা চৰকাৰী বিদ্যালয়ৰ একমাত্ৰ ছাত্ৰ, যাক প্ৰতিদিনে পুৱা স্কুললৈ টানি নিব লাগে আৰু তাত থাকিবলৈ শিক্ষকসকলে তেওঁক আকৰ্ষণ কৰিব লাগে। দৰমহা পোৱাৰ বাবে বিদ্যালয়সমূহ চলাই ৰাখিবলৈ একাংশ শিক্ষক/কৰ্মচাৰীৰ হতাশা, আনকি “মধ্যদিনীয়া আহাৰ আঁচনিৰ বাবে আবণ্টনৰ পৰা ধন চুৰি কৰা”ও চিনেমাখনত চিত্ৰিত কৰা হৈছে।

মিছিং সম্প্ৰদায়ৰ লোকে বসবাস কৰা অঞ্চলৰ বাসিন্দাসকলৰ সৈতে সময় কটায় ছবি নিৰ্মাতাগৰাকীয়ে সম্পূৰ্ণ অপেছাদাৰী অভিনেতা-অভিনেত্ৰী বিচাৰি পাইছিল। তেওঁলোকে যি মিছিং উপভাষাত যোগাযোগ কৰে, সেই উপভাষাটোও ৭৬ মিনিট দীঘলীয়া ছবিখনৰ সংযোগী ভাষা।

“দুসপ্তাহতকৈ অলপ বেছি সময়ৰ ভিতৰতে শ্বুট কৰা চিনেমাখন এখন ব্যংগ, য’ত মূলতঃ শিক্ষকসকলে যিকোনো মূল্যৰ বিনিময়ত নিজৰ কেলেংকাৰীটো চলাই নিয়াৰ প্ৰচেষ্টাৰ পৰাই উদ্ভৱ হোৱা বহুতো কমিক মুহূৰ্ত আছে। কিন্তু ছবিখনৰ থিমটোৱে এটা গুৰুতৰ সমস্যাৰ দিশটোলৈ আঙুলিয়াই দিয়ে। শিক্ষাক বহুত বেছি সহজভাৱে লোৱা হয়।’ ছবিখনৰ প্ৰযোজক বৰ্মনে  পূৰ্বে ইষ্টম’জ’ক  কৈছিল , ছবিখনৰ কাহিনীভাগ সন্দৰ্ভত।

লগতে পঢ়ক – লুডু খেলক লৈ প্ৰথমে কাজিয়া, পাছত হানি-খুচি হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply