অসম মিজোৰাম সীমান্তৰ সংঘাতক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক।
বৃহস্পতিবাৰে অসম ভৱনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰাম মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰ লগতে দুয়োৰাজ্যৰ বিষয়াবৰ্গৰ সৈতে প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনাৰ অন্তত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসভৱনত উচ্চ পদস্থ বিষয়াসকলক লগত লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিষয়া-বৰ্গৰ সৈতে সীমা বিবাদ সম্পৰ্কে আলোচনা হয়।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, সীমান্তত শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে সহমতত উপনীত হৈছে।
কিন্তু সীমা বিবাদ নিষ্পত্তি সন্দৰ্ভত আজি কোনো সিদ্ধান্ত ল’ব পৰা হোৱা নাই। এই মীমাংসাৰ বাবে অচিৰেই অসম মেঘালয়, অসম মিজোৰাম, অসম নাগালেণ্ড, অসম অৰুণাচল আদিৰ মুখ্যমন্ত্ৰী মন্ত্ৰী, শীৰ্ষ আমোলাক লৈ একোখন সমিতি গঠন কৰা হব।
প্ৰয়োজন সাপেক্ষে এই সমিতিত বিৰোধীদলৰ সদস্যকো অন্তভূক্ত কৰা হব। এনেদৰেই আন্তঃৰাজ্যিক সীমান্তৰ বিবাদ নিষ্পত্তিৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ বাবে আজিৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক-ডিমাপুৰত আৰক্ষীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী ওপৰত লাঠী চালনা