তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচাত ড্ৰাগছ-কানি ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। বৰডুমচা থানাৰ অন্তৰ্গত মিহলীৰিতু আৰু কঠালগুৰি গাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৬০ গ্ৰাম ফিটা কানি, ৬ গ্ৰাম ড্ৰাগছ, নগদ ৬২০০ টকা। লগতে এই ব্যৱসায়ৰ লগত জড়িত দুজনক আটক কৰে।

আটকাধীন দুই কানি-ড্ৰাগছ ব্যৱসায়ী বৰডুমচা কঠালগুৰি গাঁৱৰ দেৱেন দহোটীয়া আৰু মিহলি ৰিতু গাঁ‌ৱৰ ৰঞ্জু হাজৰিকা বুলি জানিব পৰা গৈছে।

বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন শইকীয়াৰ যুটীয়া নেতৃত্বত চলিছিল এই অভিযান।

বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাইৰ নেতৃত্বত বিগত এটা পষেকত সীমান্তৱৰ্তী অঞ্চলটোৰ পৰা কেইবাজনো ড্ৰাগছ-কানি ব্যৱসায়ীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply