বৰহাটঃ চৰাইদেউ বৰহাটৰ টিট্ লাগড় হাই স্কুলত গুড্ ৰিক কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাই নিৰ্মাণ কৰা এটা কম্পিউটাৰ শ্ৰেণীকক্ষৰ শুভ উদ্বোধন কৰা হয়। চৰাইদেউ জিলাৰ গড্ ৰিক কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাই বৰহাট অঞ্চলটোত বিগত বৰ্ষত বাগিচাৰ জনকল্যাণ আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানিকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কৰি আহিছে। টিট্ লাগড় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ কম্পিউটাৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে দুটা কম্পিউটাৰ সহ সাত লাখ টকাৰ ব্যয়ৰে নিৰ্মিত এটা কম্পিউটাৰ শ্ৰেণীকক্ষ শুভ উদ্বোধন কৰে কলকাতাৰ পৰিচালন সঞ্চালক অতুল আষ্ঠানাই।

লগতে পঢ়কঃমহানগৰীত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি টিট্ লাগড়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন ৰাজগুৰুৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। টিট্ লাগড় হাইস্কুলৰ শিক্ষক ৰাজেন বড়াই আঁত ধৰা অনুষ্ঠানত বৰপাত্ৰ চাহ বাগিচাৰ পৰিচালক ময়ুৰেজ বৰুৱা, সহঃ পৰিচালক ক্ৰমে দৰ্পন মহন্ত,বিদ্যুৎ চুতীয়া, সিদ্ধাৰ্থ বৰঠাকুৰ ,টিট্ লাগড় হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক লোচন শইকীয়া,টিট্ লাগড়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ সোণোৱাল প্ৰমুখ্যে কেইবাজনো লোকে সভাত অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply