বৰহাটঃ চৰাইদেউ জিলাৰ কছাৰী পথাৰ গাৱঁত বৰহাট আৰক্ষী থানাত কৰ্মৰত অসম আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ মৃত্যু। নিহত গৃহৰক্ষী জোৱানজন সাপেখাতী লংপটীয়াৰ নিবাসী হেমন্ত গগৈ(২৭)বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, গৃহৰক্ষী জোৱান হেমন্ত গগৈয়ে সোণাৰি মহাবিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত সুচাৰুৰূপে কৰ্তব্য সামৰি বৰহাট আৰক্ষী থানালৈ গৈ থকা অৱস্থাতে ১১০০০ ভল্ট পৰিবাহী ওলমি থকা বিদ্যুৎ তাঁৰত লাগি যুৱকজনে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হয়।
যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে। উল্লেখ্য যে, দেওবাৰে নিশা সমগ্ৰ এই অঞ্চলত প্ৰচণ্ড ধুমুহা বলিছিল, যাৰ ফলত এডাল ১১০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি পৰিছিল । জোৱানজনৰ আকস্মিক মৃত্যুতৰ সন্দৰ্ভত স্থানীয় লোকে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে।