বৰহাটঃ আজি বিশ্ব পৰিৱেশ দিৱস। “গছ থাকিলেহে, মানুহ থাকিব” এই উদ্দেশ্য আগত ৰাখি বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত দিৱসটি উপলক্ষে গছপুলি ৰোপন কৰা হয়।

যোৱা ২০ মে’ ২০২২ তাৰিখৰ পৰা ৫ জুন ২০২২ লৈকে নগাহাট কছাৰী গাওঁ, ৫৫৪ নং ধাদুম গড়কোষ প্ৰাথমিক বিদ্যালয়, ২৬১ নং ডাবলু প্ৰাথমিক বিদ্যালয়, ৩৩৭ নং সাপেখাতী প্ৰাথমিক বিদ্যালয়, সোনাপুৰ প্ৰাইমেৰী বিদ্যালয়ৰ লগতে বিভিন্ন ঠাইত ফলমূল তথা বহু মূল্যৱান মুঠ ৩৫০ জোপা গছ যেনে অৰ্জুন, বকুল, দেবদাৰু, মধুৰী, আমলখি, বনবগৰী, জামুক, কৃষ্ণচূড়া বৃক্ষ ৰোপন কৰে।

আনহাতে, আজিও টিটলাগড় আই টি আইত বৃক্ষ ৰোপন কৰিব বুলি জানিব দিয়ে। আপুনিও আপোনাৰ জন্মদিনত ৰোপন কৰক এজোপা গছ পুলি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply