বৰহাটঃ চৰাইদেউৰ বৰহাটত নিশা ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাত সম্পূৰ্ণৰূপে জাহ গ’ল এটা বাসগৃহ।


টিয়কীয়া বাঢ়ৈ বস্তিৰ জিঠু ওৰাং নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

ঘৰৰ ওচৰত জন্মদিনৰ পাৰ্টী খাবলৈ গৈছিল পৰিয়ালৰ লোক । বৰ্তমান সময়লৈকে অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়কঃৰাজ্য সভাৰ নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব AIUDFএ

অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেঢ় লাখ টকাৰ সা-সামগ্ৰী লোকচান হোৱাৰ অনুমান কৰা হৈছে।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ঘটনাত কোনো লোকে হতাহঁত হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply