বৰহাটঃ চৰাইদেউ জিলা বৰহাট অঞ্চলৰ বৰহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক অবিহনে চলিছে এতিয়া চিকিৎসালয়। ৫২খন গাঁৱৰে গঠন হোৱা এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ এতিয়া সু-চিকিৎসাৰ বাবে বিৰত থাকিবলগীয়া হৈছে। এই চিকিৎসালয়খনত দুজন স্থায়ী চিকিৎসক আছিল যদিও তেওঁলোকেও চিকিৎসালয়খন এৰি যাবলৈ বাধ্য হয়। আনহাতে বহুদিনৰ পিছত আকৌ এজন চিকিৎসক আহিছিল যদিও আকৌ তেওঁ বহিঃৰাজ্যৰ নিজ গৃহভূমিলৈ উভতি যোৱাত আজি পৰ্যন্ত চিকিৎসক অবিহনে চলি আছে এই চিকিৎসালয়খন।

এই বৃহত্তৰ এলেকাৰ জনসাধাৰণে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, যোৰহাট লোকসভা সমষ্ঠিৰ সাংসদ তপন কুমাৰ গগৈক সমস্যাটো অৱগত কৰাৰ পিছতো আজিকোপতি বৰহাট প্ৰাথমিক চিকিৎসালয়ত ৩জন স্থায়ী চিকিৎসকৰ পদ খালী হৈ থকাৰ পিছতো এজনো স্থায়ী চিকিৎসকক নিযুক্তি দিব নোৱাৰাত জনসাধাৰণে অতিশীঘ্ৰে চিকিৎসালয় খনত খালী হৈ থকা ২জন স্থায়ী চিকিৎসকক নিযুক্তি দিবলৈ স্বাস্থ্যবিভাগ তথা মুখ্যমন্ত্ৰীক দাবী জনায়।

এতিয়া প্ৰশ্ন হয় এয়াই নেকি স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলাস্বৰূপ ? এই ৫২খন গাঁৱৰ জনসাধাৰণে কাৰ ভুলৰ বাবে চিকিৎসাৰ অভাৱত জীয়াতু ভুগিছে? বৰহাট প্ৰাথমিক স্বাহ্যকেন্দ্ৰ চিকিৎসালয় খনলৈ দৃষ্টি পৰিবনে অসম চৰকাৰৰ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply