বৰহাটঃ চৰাইদেউৰ বৰহাটৰ চাংমাই গাঁৱত দীৰ্ঘদিন ধৰি নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে। এক বছৰতকৈ অধিক দিন ধৰি এই অঞ্চলত নাহৰফুটুকী বাঘে উপদ্ৰৱ চলাই থকাৰ লগতে ৰাজেন চাংমাই, গিৰিন চাংমাইকে ধৰি বহু লোকৰ প্ৰায় চাৰি শতাধিক গৰু,গাহৰি আৰু ছাগলী ভক্ষণ কৰিছে।
গঞাবাসীৰ গৰু, ছাগলী ভক্ষণ কৰাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। নিশা আন্ধাৰ হোৱাৰ লগে লগে ভয় শংকাৰ মাজেৰে উজাগৰী নিশা পাৰ কৰিছে ৰাইজে। বর্তমানেও বাঘৰ সন্ত্ৰাস অব্যাহত আছে গাঁৱখনত। মুকলিকৈ ঘৰত নিজৰ গৰু, ছাগলী বান্ধিব নোৱাৰে ৰাইজে। গড়াল ভাঙি বনৰজাই উলিয়াই নিয়ে গৰু-ছাগলী। দিন হাজিৰা কৰিব গ’লে দিন দুপৰতে ৰাইজে শুনে নাহৰফুটুকী বাঘৰ গুজৰণি। এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাছতো বৰহাট আঞ্চলিক বন বিষয়াই বৰ্তমানলৈকে কোনো উচিত ব্যৱস্থা হাতত লোৱা নাই।
বহুদিন আগতে গঞাবাসীয়ে নিজ হাতেৰে লিখিতভাৱে বৰহাট আঞ্চলিক বন বিষয়াক অৱগত কৰাৰ পিছত বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা দিব বুলি ৰাইজক অৱগত কৰিছিল। কিন্তু পিঞ্জৰাটো নিয়াৰ বাবদ খৰচ বহন কৰিব লাগিব গঞা বাসীয়ে। লগতে যদি বাঘটো পিঞ্ছৰাবদ্ধ কৰাৰ সময়ত কোনোলোক আঘাতপ্ৰাপ্ত হয় তেনেহ’লে ১০জনীয়া সদস্যৰ কমিটিয়ে জৰিমনা ভৰিব লাগিব বুলি বনবিষয়াই উল্লেখ কৰে।
সেয়েহে বনবিভাগ এটা কাম নাইকিয়া বিভাগ বুলি স্থানীয় ৰাইজে আখ্যা দিয়াৰ লগতে বন বিভাগৰ সোঁপাঢিলাৰ বাবে প্ৰতিদিনে ২/৩টা গৰু, ছাগলী ভক্ষণ কৰাৰ উপৰিও এবছৰতকৈ অধিক দিন নাহৰফুটুকী বাঘৰ সন্ত্ৰাসত জীয়াতু ভুগিবলগীয়া হৈছে বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰিছে ৰাইজে। নাহৰফুটুকী বাঘটো অতি সোনকালে পিঞ্জৰাবদ্ধ কৰাৰ বাবে বনবিভাগক পুনৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।