বৰহাটঃ চৰাইদেউ জিলাৰ সাপেখাতীত অনুষ্ঠিত হ’ব ২৯সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ। এই সমাৰোহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আদৰণি সমিতিৰ সন্দৰ্ভত সোমবাৰে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনাজৰী মঞ্চত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত আৰম্ভ হোৱা সভাখনত উপস্থিত থাকে, সম্পাদকপ্ৰধান বাবুল বৰা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মানিক গগৈ, সাপেখাতী উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰন্টু বৰুৱা উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰ প্ৰতিখন জিলাৰ বিষয়ববীয়া, সাপেখাতী অঞ্চলৰ বিভিন্ন সমাজকৰ্মী,ব্যৱসায়ী,শিক্ষক, ৰাজনৈতিক ব্যক্তি, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ ওপৰিও স্থানীয় ৰাইজ উপস্থিতত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া সমাৰোহখনৰ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ উদ্দেশ্য অনুষ্ঠিত কৰে ৰাজহুৱা সভাখনিৰ৷
লগতে পঢ়কঃলখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশাৰ ভিতৰতে সলনি হ’ল নৱজাতক