বৰহাটঃ বিবাহ অভ্যৰ্থনাৰ বাবে অনা ৫০ হাজাৰ টকা ধন লুট কৰি নিৰুদ্দেশ থকা দুটা গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে বৰহাট আৰক্ষী। অতি কৌশলেৰে চোৰ দুটাক কৰায়ত্ত কৰাৰ লগতে চুৰি হোৱা ৫০ হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে৷

বৰাছালি চাহ বাগিছাৰ নতুন লাইনৰ বাসিন্দা দুই যুৱক ক্ৰমে পিতৃ বাবুল দাসৰ পুত্ৰ বিনন্দ দাস আৰু পিতৃ বীৰু তাঁতীৰ পুত্ৰ ৰিচি তাঁতীয়ে একে বাগিছাৰে চিলন্তী খেৰুৱাৰ মহিলাৰ ঘৰৰ পৰা লুট কৰিছিল পঞ্চাশ হাজাৰ টকাখিনি ৷ আৰক্ষীয়ে দিয়া ভাষ্য অনুসৰি যোৱা মঙলবাৰে বৰাছালি চাহ বাগিছাৰ নতুন লাইনৰ বাসিন্দা জান খেৰুৱাৰে এখন এজাহাৰ দিছিল যে- তেওঁলোকৰ বায়েকৰ বিয়াৰ বাবে SBI বৰহাট শাখাৰ পৰা পঞ্চাশ হেজাৰ টকা উলিয়াই ঘৰত ৰাখিছিল।

পিছদিনা মাকে পুনৰ বেংকৰ কামত অহাৰ বাবে ঘৰত কোনো নথকাৰ সুযোগ লৈ গাঁৱৰে কোনোবা ব্যক্তিয়ে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে সাংবাদিকৰ আগত কয়- ”চোৰে গডৰেছৰ তলাটো ভাঙি পঞ্চাশ হাজাৰ টকাখিনি নিয়ে। মই এজাহাৰ দিয়া ১০-১৫ মিনিট পিছত ঘটনাস্থলীত গৈছিলোঁ; বৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে তদন্তৰ বাবে পঠিওৱাত মই ঘটনাস্থলীত দেখোঁ যে তেওঁলোকৰ গডৰেছৰ দুয়োটা তলা ভঙা আছে। তেতিয়া ওচৰ চুবুৰীয়াক সোধ-পোছ কৰোঁতে দুইজন ল’ৰাৰ ওপৰত সন্দেহ হৈছিল। কিছু গোপন তথ্য গোটাবৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যোৱাকালি স্থানীয় বাসিন্দা তথা গাওঁৰক্ষী বাহিনী সহায়ত দুই চোৰক বাগানৰ মাজত আগভেটা কৰি বৰহাট আৰক্ষীক খবৰ দিয়াত কৰায়ত্ত কৰি থানাত হাজিৰ কৰোঁ আৰু চোৰ দুটাই প্ৰথমতে অস্বীকাৰ কৰে যদিও থানাত সোধপোছ কৰাত পুনৰ নিজেই স্বীকাৰ কৰে যে এই চুৰিকাৰ্য তেওঁলোকে সংঘটিত কৰিলে।”

আনহাতে, নিশা আৰক্ষীয়ে গৈ বিনন্দ দাসৰ মোমায়েক সাধু ৰয়ৰ ঘৰৰ চিলিঙৰ ওপৰত পঞ্চাশ হাজাৰ টকা উদ্বাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰাৰ উপৰিও চুৰি কৰা টকাও উদ্ধাৰ কৰি দিয়াত বৰহাট আৰক্ষীক একমুখে প্ৰশংসা কৰিছে বৰহাট বাসীয়ে৷ আৰক্ষীয়ে দুই চোৰ ক্ৰমে ৰিচি তাঁতী আৰু বিনন্দ দাসক ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭ আৰু ৫৮০ ধাৰা অনুসৰি এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply