বৰহাট: আজি ঘোষণা কৰা হ’ল ২০২২ বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত উজ্বলি উঠিছে বৰহাটৰ চুতীয়াকাৰী গাঁৱৰ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ পুলক হাজৰিকা। পুলক হাজৰিকাই বৰহাট শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়ৰ পৰা ৪টা বিষয়ত মুঠ ৪৮১ নম্বৰৰে অসমীয়া, গণিত, সমাজ বিজ্ঞান, হিন্দী বিষয়ত লেটাৰ মাৰ্কসহ বিদ্যালয়ৰ লগতে পৰিয়ালটোলৈ সুনাম কঢ়িয়াই আনে।

কৃষিকৰ্মৰ লগত জড়িত পিতৃ যুগল হাজৰিকাই পুত্ৰই ভৱিষ্যতৰ দিনত এজন ভাল ব্যক্তি হোৱাৰ আশা কৰিছে। ইফালে, পুলক হাজৰিকাই এতিয়া বাণিজ্য শাখাত নামভৰ্তি কৰিব বুলি জানিব দিয়ে। আনহাতে, লোহলীয়া গাঁৱৰ নিজ কাপোৰ ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া সুজিত ভৌমিক আৰু ৰুবী ভৌমিকৰ কন্যা স্নেহা ভৌমিকে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৫টা বিষয় ক্ৰমে- অসমীয়া, অংক, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান ইষ্টাৰ মাৰ্ক ৫০২সহ ৮৪% ৰে বিদ্যালয়ৰ লগতে পৰিয়াল তথা গাওঁখনলৈও কঢ়িয়াই আনিছে সুনাম।

স্নেহাই জনোৱা মতে, তেওঁ দৈনিক ৮-১০ঘণ্টা পঢ়া-শুনা কৰিছিল। স্নেহাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ বাবে টিউচন ল’ব নোৱাৰিলে। যাৰ বাবে মনে ভবা ধৰণে ৬টা বিষয়তে ষ্টাৰ মাস্ক ল’ব নোৱাৰিলে স্নেহাই। কিন্তু পঢ়া-শুনাৰ ক্ষেত্ৰত স্নেহাক সহায় কৰিছিল সম্পৰ্কীয় ককাইয়েক অপূৰ্ব দত্তই।

স্নেহাৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে তেওঁৰ বিজ্ঞান শাখাত পঢ়াৰ ইচ্ছা আছে যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ বাবে কলা শাখাতে নামভৰ্তি কৰিব। আন এগৰাকী বৰহাট হাবি গাঁৱৰ কৰিস্মা গগৈয়ে মৰাণ জনমংগল আদৰ্শ বিদ্যালয়ৰ পৰা মুঠ ৪০০ নম্বৰে প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ কৰিস্মাই প্ৰথমতে বৰহাট টাউন প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণী পঢ়ে।

তাৰ পাছত বৰহাট উচ্চ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে পঢ়ি দৃষ্টিহীন মৰাণ জনমংগল আদৰ্শ বিদ্যালয় নামভৰ্তি কৰি প্ৰধান শিক্ষক আৰু সহ শিক্ষয়ত্ৰীৰ সহায় সহযোগৰে এই ফলাফল দেখুওৱাই নিজৰ লগতে পৰিয়াল তথা বৰহাট হাবি গাওঁৰ নাম জিলিকাবলৈ সক্ষম হয়। মাতৃ ৰূপালী গগৈয় ঘৰৰ ওচৰৰে বৰহাট টাউন প্ৰাথমিক বিদ্যালয়ত ৰন্ধনীৰ কাম কৰিছিল যদিও পিছলৈ কিছু ঘৰুৱা অসুবিধাৰ বাবে সেই কামো এৰিব লগা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply