বৰহাটঃ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক। চৰাইদেউ জিলাৰ সাপেখাতীৰ দৈনিক বজাৰত শাক- পাচলিৰ দাম শুনিলে চকু কপালত উঠে গ্ৰাহকৰ। প্ৰতি কেজি তিতাকেৰেলা দাম ১২০ টকা, গাজৰ ১৬০ টকা, ভেণ্ডি ৮০ টকা, ভাতকেৰেলা ১২০ টকা, বেঙেনাৰ দাম ৭০ টকা, ১২০টকাত চাউল কিনিলে, ১২০টকাত মিঠাতেল কিনিলে দিনহাজিৰা কৰা টকাৰে জোৰাব অসুবিধা হয়।এই ক্ষেত্ৰত আমি গ্ৰাহকসকল  ভুক্তভোগী হৈছোঁ।

সাপেখাতী এই বৃহত্তৰ অঞ্চলটো আৰ্থিকভাৱে পিছপৰা আৰু কৃষি কাৰ্যৰ লগত জড়িত। অঞ্চলটোত সৰ্বাধিক সংখ্যক ব্যক্তি দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে। কিন্তু এই অঞ্চলৰ লোক বজাৰলৈ গৈ শাক-পাচলিৰ দাম শুনি খালী মোনা ঘূৰাই আনিবলগীয়া হৈছে। অন্য বজাৰত সামগ্ৰীৰ নিৰ্ধাৰিত মূল্য থাকে কিন্তু এইখন বজাৰত সামগ্ৰীৰ কোনো নিৰ্দিষ্ট মূল্য নাই। বেপাৰীয়ে নিজ ইচ্ছাৰে কৰা সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে।এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কোনো সহাঁৰি পোৱা নাই। বিশেষকৈ শাক-পাঁচলিৰ বজাৰত নিৰ্ধাৰিত মূল্য হ’ব লাগে।প্ৰকৃত খেতিয়কে মূৰৰ ঘাম মাটিত পেলায় খেতি কৰি ১৫-২০টকাহে মাত্ৰ পায়। গতিকে যিসকল খেতিয়ক আছে তেওঁলোকে যিটো উচিত মূল্য পাব লাগে, সেই উচিত মূল্য আজিলৈকে লাভ কৰা নাই।

স্থানীয় দলসংগঠন,জিলা প্ৰশাসন এই ক্ষেত্ৰত আগবাঢ়ি আহি অতি ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বেপাৰীসকলে যাতে নিজৰ মই-মতালিৰে শাক-পাঁচলি বিক্ৰী নকৰে লগতে গ্ৰাহক সকল সুৰক্ষিত, সজাগ হওক তাৰে আহ্বান জনাইছে ভুক্তভুগী ৰাইজে।

লগতে পঢ়কঃগোলকগঞ্জত তীব্ৰ বেগী বাইকৰ ট্ৰাকত খুন্দা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply