বৰক্ষেত্ৰীঃ বহ্মপুত্ৰৰ নৈৰ গৰাখহনীয়াত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বিস্তৃত অঞ্চল। চকুৰ পচাৰতে ব্ৰহ্মপুত্ৰৰ বুকুত খহি পৰিল বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানাৰ এটা দুমহলীয়া অট্টালিকা।
লগতে পঢ়কঃলখিমপুৰ জিলাৰ ঘূণাসুঁতিত খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল হাজাৰ হাজাৰ হেক্টৰ মাটি
উল্লেখ্য যে, ভাংনামাৰী আৰক্ষী থানাখন কিছুদিন পূৰ্বে গৰাখহনীয়াৰ আশংকাত উক্ত স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। থানাখনৰ পূৰ্বৰ স্থানত থকা দুমহলীয়া অট্টালিকাটো গৰাখহনীয়াৰ কবলত পৰে আৰু বহ্মপুত্ৰৰ বুকুত খহি পৰে। ইয়াৰোপৰি অঞ্চলটোত থকা বহুতো বিদ্যালয়কে ধৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান ইতিমধ্যেই বহ্মপুত্ৰ নৈৰ গৰাখহনীয়াত জাহ গৈছে।