গোৰেশ্বৰঃ গ্ৰীনটেক এণ্ড এডভেন্সাৰৰ উদ্যোগত আৰু বড়োলেণ্ড ট্যুৰিজিমৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাইক ৰাইডাৰ্চ প্ৰতিযোগিতাৰ সফল সামৰণি। দুঃসাহসিক ক্ৰীড়াক জনপ্ৰিয় কৰা আৰু পৰ্যটন মানচিত্ৰত বগামাটিক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে আয়োজিত এই চেম্পিয়নশ্বীপত এইবাৰ কেইবাখনো ৰাজ্য যেনে- চিক্কিম, মেঘালয় ,অৰুণাচল আদিৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে।
গ্ৰীণটেক এণ্ড এডভেন্সাৰৰ এই ব্যতিক্ৰমী পদক্ষেপে দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত বগামাটিক আগুৱাই নিয়াৰ লগতে দেশৰ এডভেন্সাৰ ট্যুৰিজিমৰ ক্ষেত্ৰতো অন্য এক মাত্ৰা প্ৰদান কৰিছে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। যুৱক-যুৱতী সকলৰ মাজত ক্ৰীড়া সুলভ মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰতো এই ধৰণৰ প্ৰতিযোগিতা যথেষ্ঠ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে গ্ৰীণ টেক এণ্ড এডভেন্সাৰৰ উদ্যোক্তাসকলে।