গুৱাহাটীঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাপে কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা ‘আমাৰ খেলুৱৈ আমাৰ সন্মান’ শীৰ্ষক অনুষ্ঠান ৷ ইয়াৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী ৷

এই অনুষ্ঠানত বক্সাৰ যমুনা বড়ো আৰু আৰ্ছাৰী খেলুৱৈ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক পদত নিযুক্তি দিয়ে ৰাজ্য় চৰকাৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমাৰ ক্ৰীড়া নীতি অনুসৰিয়ে আমি যমুনা বড়ো আৰু সঞ্জয়ক আবকাৰী পৰিদৰ্শক পদত নিযুক্তি দিছো। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় পদক পোৱা সকলোকে চৰকাৰে কিছু হলেও আৰ্থিক সহায় কৰিব’।

লগতে পঢ়কঃঅৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ‘ৰাজ্যিক ক্রীড়া দিৱস’ উদযাপন

ক্ৰীড়া পেঞ্চন দিৱস হিচাপে কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা ‘আমাৰ খেলুৱৈ আমাৰ সন্মান’ শীৰ্ষক অনুষ্ঠানত ৯৯ গৰাকী খেলুৱৈক মাহিলী ১০ হাজাৰ টকাকৈ ক্ৰীড়া পেঞ্চন আৰু ১৫৬ গৰাকী খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়ায়।

আজিৰ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী, অৰ্জুন ভোগেশ্বৰ বৰুৱা, ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply