নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলিনা বৰগোহাঁয়ে আগন্তুক মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পোনপটীয়াকৈ প্ৰৱেশ কৰাৰ যোগ্যতা লাভ কৰিছে। ইণ্ডিয়ান বক্সিং ফেডাৰেচনে লাভলিনাক বিশ্ব চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰিছে।

লাভলিনাৰ বাহিৰে মহিলা বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব লগীয়া বাকী বক্সাৰ সকলক আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহৰ পৰা নিৰ্বাচন কৰা হ’ব। উক্ত প্ৰতিযোগিতা সমূহত সোণৰ পদক অৰ্জন কৰা বক্সাৰসকলে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰিব।

অহা ২১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

‘প্ৰতিটো শাখাৰ সোণৰ পদক বিজেতাসকলে আইবা মহিলা বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব। অৱশ্যে ৬৯ কেজি শাখাত অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলিনা বৰগোহাঁয়ে পোনপটীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।’ ভাৰতীয় বক্সিং ফেডাৰেচনে কয়।

অহা ডিচেম্বৰ মাহত টুৰ্কীৰ ৰাজধানী ইষ্টানবুলত আইবা মহিলা বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ দিন এই পৰ্য্যন্ত ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ক : ধলপুৰত চলোৱা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰপতিলৈ পত্ৰ বদৰুদ্দিন আজমলৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply