নিউজ ডেস্ক : বেলগ্ৰেডত চলি থকা আইবা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত মঙলবাৰে আকাশ কুমাৰে জয়লাভ কৰি ভাৰতৰ বাবে প্ৰথমটো পদক অৰ্জন কৰে। ৫৪ কেজি শাখাত আকাশে অলিম্পিকৰ প্ৰাক্তন ৰূপৰ পদক বিজয়ী Yoel Finol Rivas ক ৫-০ ব্যৱধানত পৰাস্ত কৰে।
প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ২১ বছৰীয়া আকাশ ভাৰতৰ একমাত্ৰ বক্সাৰ। আকাশৰ বাহিৰে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হোৱা ভাৰতৰ বাকী চাৰি গৰাকী বক্সাৰে পৰাজয় বৰণ কৰিবলগীয়া হয়।
উল্লেখযোগ্য যে পুনেৰ আৰ্মি স্পৰ্টছ ইন্সটিটিউটত বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আকাশে যোৱা ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খেলি থকাৰ সময়তে অসুখত ভুগি থকা নিজৰ মাতৃক হেৰোৱাইছিল।
আনহাতে মঙলবাৰে অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনেলত অসমৰ শিৱ থাপাই উন্নত প্ৰদৰ্শন দাঙি ধৰাত বিফল হয়। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাল প্ৰদৰ্শন দেখুওৱা শিৱই এইবাৰ পদক লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব লগা হয়।
৬৩.৫ কেজি শাখাত শিৱ থাপাই টুৰ্কীৰ ১৯ বছৰীয়া Kerem Oezmen -ৰ হাতত ০-৫ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুটা পদক অৰ্জন কৰা দেশৰ প্ৰথম গৰাকী বক্সাৰ হিচাপে অভিলেখ সৃষ্টিৰ পৰা বঞ্চিত হয় শিৱ।
২০১৫ চনত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
লগতে পঢ়ক : বেলুন চাইনুপ্লাষ্টী পদ্ধতিৰে সেৱা আগবঢ়োৱা উত্তৰ-পূব ভাৰতৰ প্ৰথম হাস্পতাল সঞ্জীৱনী হাস্পাতাল