নিউজ ডেস্ক : আন এক ৰাষ্ট্ৰীয় অভিলেষৰ বাবে সাজু হৈছে অসমৰ বক্সাৰ শিৱ থাপা। আৰু মাত্ৰ এখন খেলত জয়লাভ কৰিলে শিৱই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুটা পদক অৰ্জন কৰা দেশৰ প্ৰথম গৰাকী পুৰুষ বক্সাৰৰ অভিলেখ ৰচনা কৰিব।

সোমবাৰে চাৰ্বিয়াৰ বেলগ্ৰেডত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ ৬৩.৫ কিলো শাখাত ২৭ বছৰীয়া শিৱ থাপাই ফ্ৰান্সৰ Lounes Hamraoui -ক ৪-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফেইনেলত প্ৰৱেশ কৰিছে।

সোমবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ হৈ কেৱল শিৱ থাপাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। শিৱৰ বাহিৰে ভাৰতৰ আন চাৰিজন বক্সাৰে পৰাজয় বৰণ কৰিছে। পাঁচ বাৰকৈ এছিয়ান মেডেল অৰ্জন কৰা শিৱ থাপাই ২০১৫ চনত অনুষ্ঠিত ডোহা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

আজি নিশা শিৱই টুৰ্কীৰ Kerem Oezmen -ৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। শিৱৰ উপৰি আন চাৰি গৰাকী ভাৰতীয় বক্সাৰেও আজি আৱেলি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব।

লগতে পঢ়ক : উপ নিৰ্বাচনৰ পাচোটা সমষ্টিতে শাসকীয় দলৰ প্ৰাৰ্থী বৃহৎ ব্যবধানত অগ্ৰগতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply