নিউজ ডেস্ক: নুমলীগড় শোধনাগাৰৰ অংশীদাৰীত্ব ভাৰত পেট্ৰলিয়ামৰ পৰা অইল ইন্ডিয়াই ক্ৰয় কৰা ঘটনাক লৈ ৰাজ্যৰ ভিন্ন স্তৰত চৰ্চা চলিছে।এই ঘটনাক লৈ নিৰ্বাচনী ৰাজনীতিতো প্ৰচাৰ চলিছে । নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ হোৱা নাই অইল ইন্ডিয়া , অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডৰ অধীনলৈ গ’ল এতিয়াৰে পৰা নুমলীগড় তেল শোধনাগাৰ । অইল ইন্ডিয়া, অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডে ভাৰত পেট্ৰলিয়ামৰ পৰা (BPCL) ক্ৰয় কৰিলে নুমলীগড় তেল শোধনাগাৰৰ ৬১.৬৫ শতাংশ অংশীদাৰীত্ব।
নিৰ্বিনিয়োজন নীতিৰ আধাৰত নুমলীগড় শোধনাগাৰৰ BPCLৰ হাতত থকা ৬১.৬৫ শতাংশ শ্বেয়াৰ অইল ইণ্ডিয়া লিমিটেড, অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডক বিক্ৰী কৰিছে। ৯৮৭৫.৯৬ কোটি টকাত ৰাজহুৱা খন্ডৰ প্ৰতিষ্ঠান BPCLৰ অংশীদাৰীত্বহে বিক্ৰী কৰিছে ।এই চুক্তি অনুসৰি BPCLৰ ৬১.৬৫ শতাংশ শ্বেয়াৰৰ পৰা অইলে ৫৪.১৬ শতাংশ, অসম চৰকাৰে ৩.১২ শতাংশ শ্বেয়াৰ ক্ৰয় কৰে।ইয়াৰ ফলত অইলৰ অংশীদাৰীত্ব ২৬ শতাংশৰ পৰা ৫৪.১৬ শতাংশ বৃদ্ধি হৈ ৮০.১৬ শতাংশ হয়, অসম চৰকাৰৰ অংশীদাৰীত্ব ১২.৩৫ শতাংশৰ পৰা ১৫.৪৭ শতাংশ হয়। নতুনকৈ ই আই এল অৰ্থাৎ ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডে ৪.৩৭ শতাংশ শ্বেয়াৰৰ অংশীদাৰ ক্ৰয় কৰিছে।