গুৱাহাটী – আনুষ্ঠানিকভাৱে মহাজোঁটত অন্তৰ্ভুক্ত হ’ল বিপিএফ দল। শনিবাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক টুইট যোগে মহাজোঁটত অন্তৰ্ভুক্ত হোৱাৰ কথা ঘোষণা কৰিছিল। দেওবাৰে গুৱাহাটীত মহাজোঁটৰ দল সমূহে অনুষ্ঠিত কৰা এক সংবাদ মেলত আনুষ্ঠানিকভাৱে মহাজোঁটত অন্তৰ্ভুক্ত হ’ল বিপিএফ দল। বিজেপিৰ লগত সকলো সম্পৰ্ক ভংগ কৰিলে বিপিএফ দলে।

পাঁচ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ লগত থকা হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ লগত সম্পৰ্ক ভংগ কৰিলে। বিজেপিক এৰি বিপিএফ দলে কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁটত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত ল’লে। শনিবাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মহাজোঁটত অন্তৰ্ভুক্ত হোৱাৰ ঘোষণাৰ পিছত দেওবাৰে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশ হ’ল বিপিএফ দল।

বিপিএফৰ দলৰ মহাজোঁটত অন্তৰ্ভুক্তৰ পিছতে মহাজোঁটৰ দলৰ সংখ্যা ৬ পৰা ৭ লৈ বৃদ্ধি পালে। মহাজোঁটত থকা ৭ টাকৈ দলে অনুষ্ঠিত কৰা সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ” মহাজোঁটত বিপিএফ দলে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ’ল। এতিয়াৰ পৰা মহাজোঁট দলৰ সংখ্যা ৬ টাৰ পৰা ৭ টালৈ বৃদ্ধি পালে। আমি বিজেপি বিৰোধী সকলো দলক মহাজোঁটত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনাইছোঁ।

ৰিপুন বৰাই লগতে কয় যে মহাজোঁট অন্তৰ্ভুক্ত হোৱাৰ বাবে সকলো বিজেপি বিৰোধী ৰাজনৈতিক দলৰ বাবে আমাৰ দুৱাৰ খোলা আছে। ইফালে মহাজোঁট অন্তৰ্ভুক্ত হ’বলৈ কংগ্ৰেছৰ বাৰম্বাৰ আহ্বানৰ পিছতো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ পিছতো ৰিপুন বৰাই এই দুই দলক পুনৰবাৰ মহাজোঁটত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনায়।

সংবাদ মেলত ৰিপুন বৰাই আশা প্ৰকাশ কৰে যে আগন্তক দিনত বিজেপি বিৰোধী অন্যান্য আঞ্চলিক দল সমূহ মহাজোঁটত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত সঁহাৰি জনাব। মহাজোঁট আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হৈ বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিজেপিৰ শাসনত ৰাজ্যৰ জাতি-জনগোষ্ঠী সমূহৰ সমস্যা সমূহ সমাধান নহ’ল। উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ সময়ছোৱাতে বিজেপি আৰু বিপিএফ দলৰ মিত্ৰতাৰ ফাট মেলা পৰিলক্ষিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply