গুৱাহাটী : বিজেপি অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠান হয় এক যোগদান অনুষ্ঠান। অনুষ্ঠানত দৰঙাজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন বি পি এফৰ কাৰ্যবাহী সদস্য তথা একেৰাহে তিনিবাৰকৈ এম চি এলৰ দায়িত্ব নিবাহ কৰা বিজিত গৌড়া নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে।
অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে বিজিত গৌড়া নাৰ্জাৰীক দলীয় গলবস্ত্ৰৰে বিজেপি দলত আদৰণি জনায়। অনুষ্ঠানত বক্তব্য ৰাখি অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে ভাৰতীয় জনতা পার্টি কেৱল এটা ৰাজনৈতিক দল নহয় এটা মিছন আৰু এই মিছনৰ লক্ষ্যত উপনীত হােৱা বাবে দলে অবিৰতভাৱে কাম কৰি যাব।
শেহতীয়া বিধানসভা নির্বাচন প্রসংগত সভাপতি গৰাকীয়ে কয় যে বি টি এ ডিৰ ১২ টা সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মিত্ৰজোঁটে লাভ কৰা ৮ লাখ ৬২ হাজাৰ ১৮১ টা ভােটৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে ৬ লাখ ৫১ হাজাৰ ৭৩ টা ভােটহে লাভ কৰিবলৈ সক্ষম হয়। বি টি এ ডিৰ অঞ্চলত অনাগত দিনত বিকাশৰ ধাৰা আৰু অধিক তৰান্বিত কৰাৰ বাবে ভাৰতীয় জনতা পার্টি দৃঢ় প্রতিশ্রুতিৱদ্ধ।
আৰু পঢ়কঃ চৰাইদেউত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
দলে সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন কার্যসূচী হাতত লৈছে। অসম বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বুথ ভিত্তিক পর্যালােচনা কৰাৰ বাবে অসমৰ ১৪ টা লােকসভা সমষ্টিত একোগৰাকীকৈ পর্যবেক্ষক নিয়ােগ কৰা হৈছে। তেওঁ কয় যে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক, উপ সভাপতি, উপ সভানেত্রী, সাধাৰণ সম্পাদক, সম্পাদক, কোষাধক্ষ্যসকলক এই দায়িত্ব অর্পণ কৰা হৈছে। অনাগত দিনত দলে সাংগঠনিক ভেঁটি আৰু অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন কার্যসূচী ৰূপায়ন কৰিব বুলিও তেওঁ উল্লেখ কৰে।