গুৱাহাটী : ৰাজ্যত ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে ৰাজ্যবাসীৰ বাবে পুনৰ এক বেয়া খবৰ। বুধবাৰে পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বিপিএফৰ এগৰাকী বিধায়ক। দীৰ্ঘদিন ধৰি ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল বিধায়ক গৰাকী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল বিপিএফৰ বিধায়ক গৰাকী।

ক’ভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মঙলাবাৰে মাজেন্দ্ৰ নাৰ্জাৰীৰ ক’ভিড ফলাফল নেগেটিভ আহিছিল যদিও বুধবাৰে পুৱাৰ ভাগতে ব্ৰেইন ষ্ট্ৰোক হৈ পৰলোকপ্ৰাপ্তি ঘটে বিধায়ক গৰাকীৰ।

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৭৮ খন আই চি ইউ বিচনা আগবঢ়াব আই অ’ চি এল

২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা একেৰাহে চতুৰ্থবাৰৰ বাবে বিধায়কৰ পদ অলংকৃত কৰিছিল মাজেন্দ্ৰ নাৰ্জাৰীয়ে। গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী তথা ইউ পি পি এলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীক ১০,২৯১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল মাজেন্দ্ৰ নাৰ্জাৰীয়ে। তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গোঁসাইগাওঁবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply