নিউজ ডেস্ক : নিমাতীঘাটত আজি সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শেহতীয়া তথ্য অনুসৰি মন্ত্ৰী গৰাকীয়ে উক্ত দুৰ্ঘটনাৰ বাবে আভ্যন্তৰীন জলপৰিবহন বিভাগৰ তিনি বিষয়াক নিলম্বিত কৰিছে।
নিলম্বিত বিষয়া কেইগৰাকী হৈছে ডিব্ৰুগড় সংমন্ডলৰ বিক্ৰমাদিত্য চৌধুৰী, যোৰহাট সংমন্ডলৰ ৰাতুল তামুলী আৰু মুকুট গগৈ।
ইপিনে, দুয়োখন ফেৰীত কিমান যাত্ৰী আছিল তাৰ কোনো তথ্য নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত।
উল্লেখযোগ্য যে আজি যোৰহাট জিলাৰ নিমাতি ঘাটৰ পৰা মাজুলী অভিমুখী আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখী দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
শেহতীয়া তথ্য অনুসৰি এই পৰ্য্যন্ত এটি শিশুকে ধৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে ফোন যোগে উক্ত দুৰ্ঘটনাৰ বুজ লোৱাৰ লগতে শোক প্ৰকাশ কৰে।
প্ৰধান মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে সন্ধানহীন হৈ থকা সকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।
বৰ্তমান উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক : এখন দলং থকা হ’লে আজিৰ মৰ্মান্তিক ঘটনা সংঘটিত নহ’লহেতেন : অসম জাতীয় পৰিষদ