নিউজ ডেস্কঃ অসমত ২০২১ চনৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ -চিজন ২ৰ দিন ঘোষণা ৷ নৱেম্বৰৰ ৭ তাৰিখৰ পৰা আৰম্ভ হ’ব ব্ৰহ্মপুত্ৰ ভলীবল লীগ -চিজন ২।

এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব ১৬ ফেব্ৰুৱাৰীত৷

অসমৰ ২৮ খন জিলাত হ’ব লগা এই লীগ জিলা পৰ্যায়ত লীগ হ’ব আৰু ইয়াৰ পাছত ৮ টা জ’নত খেল অনুষ্ঠিত হ’ব৷ ৮ টা জ’নৰ পৰা ৰাজ্যিক পৰ্যায়ৰ লীগ ডিব্ৰুগড়ৰ এখন গাঁওত হ’ব৷

লগতে পঢ়কঃটকিঅ’ অলিম্পিকত লাভলীনাই পিন্ধা গ্লোভছযোৰ ১.৯২ কোটি টকাত নিলাম

নতুন দিল্লীত ভাৰতীয় ভলীবল প্ৰাক্তন কেপ্তেইন তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক অভিজিত ভট্টাচায্যই আজি সংবাদমেলযোগে এই ঘোষণা কৰে৷

ব্ৰহ্মপুত্ৰ ভলীবল লীগ হৈছে বিশ্বৰ প্ৰথমখন লীগ য’ত ল’ৰা আৰু ছোৱালী দুয়োটা দলৰে লীগ হয়৷ ২০২০ চনত ৫০ টা দলে প্ৰথমবাৰৰ বাবে অসমৰ গাঁওসমূহত ভলীবল খেলত অংশ লয়৷ এইবাৰ, ২০৪ টা দল ২০০০ খেলুৱৈয়ে অংশ লব ব্ৰহ্মপুত্ৰ ভলীবল লীগ-চিজন ২৷ ২১ৰ অনুৰ্ধ্বৰ আৰু ১৬অনুৰ্ধ্বৰ শাখাত ল’ৰা আৰু ছোৱালীৰ খেল অনুষ্ঠিত হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply