নিউজ ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধলাই জিলাত থকা এটা সীমান্ত আউটপ’ষ্টত মঙলবাৰে পুৱা নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ দুজন জোৱানৰ মৃত্যু হয়।
সীমান্ত সুৰক্ষা বাহিনীৰ এক সূত্ৰই জনোৱা মতে, আজি পুৱা প্ৰায় ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত BSF-ৰ এটা দলে সীমা্ন্ত তহল দি থকা সময়ত নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ বিশ্বমোহন গোট (NLFT-BM)-ৰ সন্দেহযুক্ত উগ্ৰপন্থীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।
‘প্ৰায় ১০ জন সশস্ত্ৰ বিদ্ৰোহীয়ে জোৱান কেইজনৰ ওপৰত আক্ৰমণ চলায়, তেওঁলোকক NLFT-BM গোটৰ বুলি সন্দেহ কৰা হৈছে। এই সম্পৰ্কত অধিক তথ্যৰ বাবে অভিযান আৰম্ভ কৰা হৈছে,’ BSF-ৰ এগৰাকী বিষয়াই কয়।
নিহত জোৱান দুজনক সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ ৬৪ বেটেলিয়নৰ আৰ চি নাথ সীমান্ত আউটপ’ষ্টৰ উপ পৰিদৰ্শক ভুৰু সিং আৰু কনিষ্টবল ৰাজ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে বাংলাদেশৰ সৈতে ত্ৰিপুৰাই ৮৫৬ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লয় ইয়াৰে প্ৰায় ৭৬ কিলোমিটাৰ অঞ্চলত কাঁটা তাঁৰৰ বেৰা দিয়া হোৱা নাই।
লগতে পঢ়ক : চান মাৰিনো – ছয় দশকৰ অপেক্ষাৰ অন্তত অলিম্পিকত পদক অৰ্জন কৰা আটাইতকৈ সৰু দেশ