নিউজ ডেস্ক : ভাৰতত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ উপস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে কৰ্নাটকত মাৰাত্মক অমিক্ৰন ভেৰিয়েণ্টৰ প্ৰথমটো কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে। মন্ত্ৰ্যালয়ে জনোৱা মতে দুজন ব্যক্তিৰ শৰীৰত ক’ভিডৰ অমিক্ৰন ভাইৰাছ ধৰা পৰিছে।
আক্ৰান্ত লোক দুজনৰ এজনৰ বয়স ৪৬ বছৰ আৰু আনজনৰ বয়স ৬৬ বছৰ, দুয়োগৰাকীয়ে কৰ্নাটকৰ বাসিন্দা।
উল্লেখযোগ্য যে যোৱা ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অমিক্ৰনৰ প্রথমটো কেচ ধৰা পৰিছিল। এই পৰ্য্যন্ত বিশ্বৰ ২৯ খন দেশত এই মাৰাত্মক সংক্ৰমণটো বিয়পি পৰিছে।
উল্লেখযোগ্য যে যোৱা সোমবাৰে এগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়াই ভাৰতত এটাও অমিক্ৰনৰ কেচ ধৰা পৰা নাই বুলি কৈছিল।
লগতে পঢ়ক : চুকাফা মৈদাম সংৰক্ষণৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ